NORTHEAST NOW (Assamese)
Popular Stories

কাজিৰঙাত ১৫ দিনত তিনিটাকৈ বাঘৰ মৃত্যু: বন বিভাগৰ অৱহেলা নে আন কিবা?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 19, 2026 7:29 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত (KNPTR) যোৱা ১৫ দিনৰ ভিতৰত তিনিটাকৈ ৰয়েল বেংগল টাইগাৰৰ (Royal Bengal Tiger) মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বন বিভাগৰ প্ৰাথমিক সন্দেহ অনুসৰি, এই মৃত্যুৰ মূল কাৰণ হৈছে বাঘৰ মাজত হোৱা পাৰস্পৰিক সংঘৰ্ষ (Infighting)

যোৱা দেওবাৰে বিয়লি ৪ বজাত এজনী মাইকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয়। উদ্যান কৰ্তৃপক্ষই সোমবাৰে জাৰি কৰা এক বিবৃতিত জনায় যে, কাজিৰঙাৰ সঞ্চালকে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ (NTCA) নিৰ্দেশনা অনুসৰি মৰণোত্তৰ পৰীক্ষা আৰু মৃতদেহ সৎকাৰৰ বাবে ইতিমধ্যে এখন সমিতি গঠন কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক ফলাফলত বাঘজনীৰ মৃত্যু পাৰস্পৰিক যুঁজৰ ফলত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে ৪ জানুৱাৰীত, এজনী মাইকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক প্ৰতিবেদনত বাঘজনীৰ মৃত্যুৰ কাৰণ পাৰস্পৰিক সংঘৰ্ষ বুলি উল্লেখ কৰা হৈছে। ইয়াৰ ঠিক পিছতে, ১৪ জানুৱাৰীত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত গমিৰিৰ পূব বনাঞ্চলৰ থুতে চাপৰিত এটা ডেকা মতা বাঘৰ মৃতদেহ উদ্ধাৰ হয়। পশু চিকিৎসা বিষয়াসকলে এই মৃত্যু স্বাভাৱিক অথবা পাৰস্পৰিক যুঁজৰ বাবে হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে,২০০৬ চনত চৰকাৰীভাৱে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষিত এই ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰখন কেৱল বাঘৰ বাবেই নহয়, বৰঞ্চ এশিঙীয়া গঁড়, হাতী, বনৰীয়া ম’হ আৰু দল-হৰিণৰো এক অন্যতম সুৰক্ষিত আৱাসভূমি। ২০২৪ চনৰ লোকপিয়ল অনুসৰি কাজিৰঙাত বৰ্তমান বাঘৰ সংখ্যা ১৪৮ টা

মন কৰিবলগীয়া যে, যোৱা দেওবাৰে কলিয়াবৰত ৬,৯৫৭ কোটি টকীয়া ‘কাজিৰঙা এলিভেটেড কৰিডৰ’ৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।