NORTHEAST NOW (Assamese)

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

April 14, 2021 7:13 pm · এন ই নাও নিউজ

ক’ভিড-১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সংবাদকৰ্মীসকলক প্ৰাথমিক যোদ্ধা হিচাপে গণ্য কৰি তেওঁলোকক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হ’ব লাগে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে এইদৰে কয়।

কেজৰিৱালে কয় যে দিল্লী চৰকাৰে এই বিষয়ত কেন্দ্ৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

”সংবাদকৰ্মীসকলে অতি জটিল পৰিস্থিতিৰ মাজতো বাতৰি পৰিৱেশন কৰি আছে।”- তেওং কয়।

উল্লেখযোগ্য যে মঙলবাৰে দিল্লীত অভিলেখসংখ্যক ১৩,৪৬৮ জন লোক ক’ভিডত আক্ৰান্ত হৈছে আৰু ৮১ জন লোকৰ মৃত্যু হৈছে।

”মই যুৱ প্ৰজন্মক ক’ব খোজো যে ঘৰৰ পৰা প্ৰয়োজনবসতহে বাহিৰ হ’বা আৰু সকলো ক’ভিড নিয়মাৱলী মানি চলিবা।”- মঙলবাৰে কেজৰিৱালে এইদৰে কৈছিল।

Related News