NORTHEAST NOW (Assamese)
অসম

দেশৰ প্ৰথম ৰাজ্য হিচাপে কেৰালা বিধানসভাত C(A)A বিৰোধী প্ৰস্তাৱ; একেলগে সমৰ্থন শাসক-বিৰোধীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 31, 2019 6:11 pm
pinarayi-vijayan

দেশৰ প্ৰথম ৰাজ্য হিচাপে বিধানসভাত C(A)A বিৰোধী প্ৰস্তাৱ গৃহীত কৰি বিশেষ নজিৰ স্থাপন কৰে কেৰালা চৰকাৰে।

মঙলবাৰে কেৰালা বিধানসভাত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰস্তাৱটি উত্থাপন কৰে মুখ্য মন্ত্ৰী পিনাৰাই বিজয়নে।

একমাত্ৰ বিজেপিৰ বিধায়কক বাদ দি বিধানসভাৰ বাকী সকলো বিৰোধী দলেও মুখ্য মন্ত্ৰীৰ প্ৰস্তাৱক একেলগে সমৰ্থন কৰে।

মঙলবাৰে কেৰালা বিধানসভাৰ বিশেষ অধিবেশন আহ্বান কৰা হৈছিল। আৰু এই বিশেষ অধিবেশনতে C(A)A ৰ বিৰোধিতাৰ প্ৰয়োজনীয়তাৰে C(A)A বিৰোধী প্ৰস্তাব উত্থাপন কৰা হয়।

উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধনী) আইনক ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ পৰিপন্থী বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী বিজয়নে বিধানসভাত প্ৰস্তাৱটো উত্থাপন কৰে।

সমগ্ৰ দেশৰ লগতে কেৰালাতো নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।

কেৰালাত শাসক আৰু বিৰোধী উভয় দলে আইনখনৰ বিৰোধিতা কৰা বাবে ৰাজনৈতিকভাৱে প্ৰতিবাদৰ উত্তাপ বৃদ্ধি পাইছে।

অসমত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত নাগৰিকত্ব( সংশোধনী) আইন বিৰোধী প্ৰতিবাদ সৰ্বাত্মক ৰূপত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিয়পি পৰিছে।