NORTHEAST NOW (Assamese)

কেৰালাৰ হিজাব বিতৰ্ক: বিদ্যালয়ৰ নীতিত সন্মতি প্ৰকাশ অভিভাৱকৰ

October 15, 2025 10:31 am · এন ই নাও নিউজ, গুৱাহাটী

কেৰালাৰ এৰ্নাকুলাম জিলাৰ ছেইণ্ট ৰীতা’ছ পাব্লিক স্কুলত অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে ক্লাছৰ সময়ত হিজাব পৰিধান কৰাৰ অধিকাৰক লৈ উদ্ভৱ হোৱা বিতৰ্কৰ অবসান ঘটিছে। বিদ্যালয়খনৰ কেথলিক গীৰ্জা পৰিচালিত ব্যৱস্থাপনাই বিদ্যালয়ৰ ইউনিফৰ্ম ক’ডৰ অধীনত হিজাব পিন্ধাৰ অনুমতি প্ৰদান কৰা নাছিল।

ছোৱালীজনীৰ পিতৃ পি.এম. আনাছে তেওঁৰ ধৰ্মীয় বিশ্বাসৰ অংশ হিচাপে হিজাব পৰিধানৰ অনুমতি দিবলৈ জোৰ দিছিল, যাৰ ফলত বিদ্যালয় চৌহদত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মঙলবাৰে বিদ্যালয়ৰ অভিভাৱকসকল, বিষয়াসকল আৰু এৰ্নাকুলামৰ সাংসদ হিবি ইডেনৰ উপস্থিতিত আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত আনাছে বিদ্যালয় নিয়ম মানি চলিবলৈ সন্মতি প্ৰকাশ কৰে।

সাংবাদিকৰ আগত আনাছে কয়, “মোৰ ছোৱালী আৰু মই বিদ্যালয়ৰ নিয়ম মানি চলিম। মই নিবিচাৰো যে এই বিষয়টো সাম্প্ৰদায়িক ৰূপ লওক বা কোনো বিভাজনকাৰী শক্তিয়ে এইটো ব্যৱহাৰ কৰক।”

সাংসদ হিবি ইডেনে এই সিদ্ধান্তক “ধৰ্মনিৰপেক্ষতাৰ এক মহান বাৰ্তা” বুলি বৰ্ণনা কৰি কয় যে বিদ্যালয়খনৰ ওচৰত “কিছুমান শক্তি” সাম্প্ৰদায়িক বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ কেৰালাৰ ধৰ্মনিৰপেক্ষ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ প্ৰতিজ্ঞা কৰে।

ইফালে, কেৰালাৰ শিক্ষামন্ত্ৰী ভি. শিৱনকুট্টিয়ে ঘোষণা কৰে যে উপ-শিক্ষা সঞ্চালকৰ তদন্তত বিদ্যালয়খনৰ গুৰুতৰ ত্ৰুটি ধৰা পৰিছে। প্ৰতিবেদনত হিজাব নিষেধক শিক্ষাৰ অধিকাৰ আইন আৰু সাংবিধানিক ধৰ্মস্বাধীনতা উলংঘন বুলি বৰ্ণনা কৰা হৈছে।

আনহাতে শিৱনকুট্টিয়ে সামাজিক মাধ্যমত মন্তব্য কৰে, “বিদ্যালয়খনে প্ৰয়োজন হ’লে হিজাবৰ ৰং আৰু ডিজাইন নিৰ্দিষ্ট কৰিব পাৰে। কিন্তু কোনো ছাত্ৰ বা ছাত্ৰীয়ে ধৰ্মনিৰপেক্ষ ৰাজ্যত বৈষম্যৰ সন্মুখীন হ’ব নালাগে। আমি সাংবিধানিক নীতি ভংগ কৰা কোনো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰো।” প্ৰতিবেদনত বিদ্যালয়খনক হিজাবৰ অনুমতি দিয়াৰ পৰামৰ্শ দিয়া হৈছে।

বিদ্যালয়ৰ বিষয়াসকলে অৱগত কৰে যে জুন মাহত ছাত্ৰীগৰাকীয়ে বিদ্যালয়ত যোগদান কৰাৰ সময়তে পৰিয়ালটোক ড্ৰেছ কোড সম্পৰ্কে জনোৱা হৈছিল। ছাত্ৰীগৰাকীয়ে ৬ অক্টোবৰলৈকে নিয়ম অনুসৰণ কৰিছিল, কিন্তু তাৰ পাছত হিজাব পিন্ধা আৰম্ভ কৰিছিল। পৰিচালনা সমিতিয়ে কয় যে বিদ্যালয়ৰ আন মুছলমান ছাত্ৰ-ছাত্ৰীয়েও এই নিয়ম মানি চলিছে, সেয়ে ইয়াৰ কোনো ব্যতিক্ৰম হোৱাটো গ্ৰহণ যোগ্য নহয়।

বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে আইন-শৃংখলাৰ সমস্যাৰ আশংকা প্ৰকাশ কৰাৰ পাছত কেৰালা উচ্চ ন্যায়ালয়ে সোমবাৰে বিদ্যালয়খনক সুৰক্ষা প্ৰদান কৰিবলৈ আদেশ জাৰি কৰে।

Related News