NORTHEAST NOW (Assamese)
দেশ

কেৰালাৰ নৰবলি কাণ্ডৰ আন এক বিস্ফোৰক তথ্য: অভিযুক্তই ভক্ষণ কৰিছিল বলি দিয়া মহিলাৰ শৰীৰৰ মঙহ, মৃতদেহতে পূৰণ কৰিছিল বিকৃত যৌনাকাংক্ষা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 12, 2022 8:54 pm
Kerala Human Sacrifice

দেশজুৰি খলকনি তোলা কেৰালাৰ নৰবলি কাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই এই ঘটনাৰ আন এক ভয়াৱহ তথ্যই চকু কঁপালত তুলিছে দেশবাসীৰ। অন্ধবিশ্বাসৰ ভয়াৱহ পৰিণতিত দুগৰাকী মহিলাক বলি দিয়াৰ পাছতো মৃতদেহৰ সৈতে অভিযুক্তই কৰা ঘৃণনীয় আচৰণে পুনৰ এবাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই নৃশংস কাণ্ডৰ তদন্তৰ সময়তে কেৰালাৰ আৰক্ষীয়ে উদঘাটন কৰিছে একাধিক বিস্ফোৰক তথ্য। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য মতে অন্ধবিশ্বাসৰ নামত ফলি দিয়াৰ পাছত এই হত্যাকাণ্ডৰ মূল অভিযুক্তই মৃতদেহৰ পৰা কেৱল মাংস ভক্ষণ কৰাই নহয়, মৃতদেহৰ সৈতে বিকৃত যৌন কাৰ্যতো লিপ্ত হৈছিল।

উল্লেখ্য যে কেৰালাৰ এৰ্নাকুলামত এহাল দম্পতীয়ে পৰিয়ালৰ আৰ্থিক সমস্যা দূৰ কৰাৰ নামত দুই মহিলাক কিছুদিন পূৰ্বে বলি দিছিল। ইয়াৰে এগৰাকী মহিলাৰ ভগ্নীয়ে দাখিল কৰা নিৰুদ্দেশ অভিযোগৰ তদন্তৰ সময়তে আৰক্ষীয়ে এই নৃশংস কাণ্ডৰ সম্ভেদ লাভ কৰিছিল।

ইয়াৰ পাছতে আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত মহম্মদ চফী নামৰ এজেণ্টগৰাকী আৰু মহিলা দুগৰাকীক বলি দিয়া দম্পতীহালক গ্ৰেপ্তাৰ কৰিছিল। অন্ধবিশ্বাসৰ বলি হোৱা দুই মহিলাক ৰ’জলিন আৰু পদ্মা বুলি চিনাক্ত কৰিছিল আৰক্ষীয়ে।

প্ৰাথমিক তদন্তৰ পাছত আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য মতে, ভুক্তভোগী ৰ’জলিন আৰু পদ্মাক বলি দিয়াৰ পূৰ্বে বান্ধি ৰখা হৈছিল আৰু অমানুষিক অত্যাচাৰ চলোৱা হৈছিল। মহিলা দুগৰাকীৰ স্তন কাটি সেই স্থানেৰে তেজ ওলাই যাবলৈ দিয়া হৈছিল।

তদুপৰি এটা মৃতদেহ কাটি ৫৬ টুকুৰাত ভাগ কৰা হৈছিল বুলি আৰক্ষীয়ে উল্লেখ কৰিছে। শৰীৰৰ এই অংশবোৰ তিনিটা গাঁতৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ঘটনাৰ মূল অভিযুক্ত মহম্মদ চফী ওৰফে ৰছিদ নামৰ ব্যক্তি গৰাকীয়ে নিজৰ বিকৃত মানসিক তথা যৌনাকাংক্ষা পূৰণৰ বাবেই এই নৃশংস কাণ্ড সংঘটিত কৰিছিল৷

নৰবলি কাণ্ডত প্ৰাণ হেৰুওৱা ৰ’জলিনৰ মৃতদেহত ৰছিদে বিকৃত যৌনাকাংক্ষা পূৰণ কৰিছিল৷ আনকি ৰছলীৰ মৃতদেহৰ পৰা গোপন অংগ কাটি তেওঁ ভক্ষণো কৰিছিল বুলি আন দুগৰাকী অভিযুক্ত সিং আৰু লাইলাই স্বীকাৰোক্তি প্ৰদান কৰিছে৷ অৱশ্যে আৰক্ষীৰ ওচৰত এই বিষয়ে বিতং তথ্য নাই৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ৰছিদে ইয়াৰ পূৰ্বৰে পৰা ক’লা যাদুৰ সাধনা কৰি আহিছে৷ অনেক লোকে তেওঁৰ এই ক’লা যাদুৰ বলি হৈ আহিছে৷ তদুপৰি ২০২০ চনত এগৰাকী ৭৫ বছৰ বয়সীয়া বৃদ্ধাক ধৰ্ষণ কৰাৰ অভিযোগত ৰছিদক গ্ৰেপ্তাৰো কৰা হৈছিল৷