NORTHEAST NOW (Assamese)

লণ্ডনত খালিস্তানপন্থীৰ ভাৰতীয় পতাকাক অপমান; দিল্লীলৈ মাতি পঠোৱা হ’ল ব্রিটেইনৰ উপ উচ্চায়ুক্তক

March 20, 2023 8:33 am · এন ই নাও নিউজ, নতুন দিল্লী
ফটো সৌজন্য: দ্য হিন্দু।

অমৃতপাল সিঙৰ ঘটনাৰ প্ৰতিক্ৰিয়া লণ্ডনত! দেওবাৰে লণ্ডনত ভাৰতীয় উচ্চআয়োগৰ সন্মুখত খালিস্তানপন্থীসকলে প্ৰতিবাদ কৰিছিল। সেই সময়ত, উচ্চআয়োগৰ ভাৰতীয় পতাকা নমাই দিয়া হয়। ব্ৰিটিছ উপ উচ্চায়ুক্ত ক্ৰিষ্টিনা স্কটক ভাৰতীয় পতাকাৰ অপমানৰ উত্তৰ বিচাৰি দিল্লীলৈ মাতি পঠোৱা হৈছে।

দেওবাৰে সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈছিল। ইয়াত এজন শিখ ব্যক্তিয়ে লণ্ডনৰ ভাৰতীয় উচ্চআয়োগত ৰাষ্ট্ৰীয় পতাকা নমাই থকা দেখা গৈছে। ভিডিঅ’টোৰ সন্দৰ্ভত দেওবাৰে নিশা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ক্ৰিষ্টিনাক মাতি পঠিয়াইছে। ভাৰতত ব্ৰিটিছ হাই কমিছনাৰ এলেক্স এলিছ এই মুহূৰ্তত দিল্লীত নথকাৰ বাবে উপ উচ্চায়ুক্তগৰাকীক মাতি পঠোৱা হৈছে।

লগতে পঢ়ক: ৰহস্য! ঘৰতে ওলমি থকা অৱস্থাত উদ্ধাৰ জনপ্ৰিয় ‘স্মাইলিং ডিজে’ৰ মৃতদেহ

জানিব পৰা মতে, ঘটনাটোক তীব্ৰ গৰিহণা দি ব্ৰিটিছ উপ উচ্চায়ুক্তৰ পৰা এই বিষয়ত উত্তৰ বিচৰা হৈছে। খালিস্তানপন্থী প্ৰতিবাদকাৰীসকলে ভাৰতীয় উচ্চআয়োগত কেনেকৈ প্ৰৱেশ কৰিছিল? ভাৰত চৰকাৰে লগতে প্ৰশ্ন কৰিছে, “সেই সময়ত লণ্ডনত আৰক্ষী প্ৰশাসন আৰু নিৰাপত্তাকৰ্মী সকল ক’ত আছিল?” তদুপৰি, ব্ৰিটিছ চৰকাৰে ভাৰত বিৰোধী তথা বিচ্ছিন্নতাবাদীসকলৰ গতিবিধি ৰোধ কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিছে তাৰো উত্তৰ বিচাৰিছে।

এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ব্ৰিটিছ চৰকাৰক ‘ভিয়েনা সন্মিলনৰ অধীনত মৌলিক বাধ্যবাধকতা’ সোঁৱৰাই দিয়ে। ঘটনাটোৰ পিছত জাৰি কৰা এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “ভাৰত চৰকাৰে ব্ৰিটেইনত ভাৰতীয় কূটনৈতিক কাৰ্যালয়ৰ চৌহদ তথা কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি ব্ৰিটিছ চৰকাৰৰ উদাসীনতাক গ্ৰহণযোগ্য নহয় বুলি বিবেচনা কৰে।‘’

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিবৃতিত কয়, “আমি আশা কৰোঁ যে ব্ৰিটিছ চৰকাৰে এই ঘটনাৰ সৈতে জড়িত প্ৰতিজনক তাৎক্ষণিকভাৱে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব। দোষীসকলক ন্যায়ৰ অধীনলৈ অনাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি আমি আশা কৰোঁ।‘’

Related News