NORTHEAST NOW (Assamese)
অসম

সভাত ভাষণৰ মাজতে অসুস্থ খাৰ্গেই নিজক চম্ভালি লৈ ক’লে, ‘মোডীক ক্ষমতাচ্যুত নকৰালৈকে জীয়াই থাকিম’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 30, 2024 9:15 am

জম্মু-কাশ্মীৰত প্ৰচাৰ চলোৱাৰ সময়ত হঠাৎ অসুস্থ হৈ পৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। ভাষণৰ মাজতে হঠাতে তেওঁৰ সন্তুলন হেৰুৱাই পেলায়। কিন্তু ডাঙৰ বিপদৰ আগতে দলৰ নেতা-কৰ্মীয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনক ধৰিলে। তেওঁক চকী এখনত বহুৱাই দিয়া হয়।

কিন্তু কিছু সময়ৰ পাছতে কংগ্ৰেছ সভাপতিজনে নিজক চম্ভালি পুনৰ স্বকীয় শৈলীলৈ উভতি আহে। ৰাইজক সম্বোধন কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্ষমতাৰ পৰা আঁতৰ নকৰালৈকে তেওঁ জীয়াই থাকিব।

মঙলবাৰে জম্মু-কাশ্মীৰত তৃতীয় আৰু অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন। দেওবাৰ আছিল প্ৰচাৰ অভিযানৰ অন্তিম দিন। দেওবাৰে জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাৰ যাছৰোটালৈ গৈ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত প্ৰচাৰ চলাইছিল খাৰ্গেই। ভাষণৰ মাজতে হঠাৎ তেওঁ অসুস্থ হৈ পৰে।

কিছু বিৰতিৰ পিছত তেওঁ আকৌ ভাষণ দিবলৈ ধৰি কয়, “মোৰ বয়স ৮৩ বছৰ। ইমান সোনকালে নমৰো।” ইয়াৰ পিছতে তেওঁ লগতে কয় যে “মোডীক ক্ষমতাচ্যুত নকৰালৈকে মই জীয়াই থাকিম।”

জম্মু-কাশ্মীৰৰ কংগ্ৰেছ নেতা গুলাম আহমেদ মিৰে কয়, “খাৰ্গেজীয়ে অস্বস্তি অনুভৱ কৰিছিল। দলৰ কৰ্মকৰ্তাসকলে তেওঁক চকী এখনত বহুৱাই দিয়ে।”

পিছত খাৰ্গেৰ শাৰীৰিক অৱস্থাৰ কথা প্ৰকাশ কৰি তেওঁৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেই কয়- “কংগ্ৰেৰ সভাপতি হঠাৎ অসুস্থ হৈ পৰিছিল। চিকিৎসক দলৰ সদস্যই তেওঁক চাইছে। তেওঁৰ ৰক্তচাপ অলপ কম। এতিয়া তেওঁ ভালেই আছে।”