NORTHEAST NOW (Assamese)

আজি খেলো ইণ্ডিয়াৰ সামৰণি অনুষ্ঠান; অংশগ্ৰহণ নকৰে ‘কা’ বিৰোধী শিল্পী সমাজে

January 22, 2020 6:53 pm · এন ই নাও নিউজ
জুবিন গাৰ্গ

গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছৰ আজি সামৰণি পৰিব।

আজি গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।

খেলো ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুই অংশগ্ৰহণ কৰাৰ কথা আছে।

খেলো ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানত বলিউদৰ কণ্ঠিশিল্পী ছানৰ লগতে অসমৰ কণ্ঠশিল্পী জিতুল সোণোৱাল, কৃষ্ণমনি চুতীয়াকে ধৰি শিল্পী সকলে সংগীতানুষ্ঠান পৰিবেশন কৰিব।

উল্লেখযোগ্য যে, চৰকাৰৰ বিৰুদ্ধে নাগৰিকত্ব (সংশোধন) আইন বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা জুবিন গাৰ্গকে ধৰি অসমৰ আগশাৰীৰ সংগীত শিল্পী সকলে এই সামৰণি অনুষ্ঠানত অংশগ্ৰহণ নকৰে।

তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত আয়োজক অসমে  ২০ টা স্বৰ্ণ, ২১ টা ৰূপ আৰু ৩৪ টা ব্ৰঞ্জ সহ মুঠ ৭৫ টা পদকেৰে পদক তালিকাৰ ষষ্ঠ স্থানত থাকে।

পদক তালিকাৰ শীৰ্ষ দুটা স্থানত থাকে ক্ৰমে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা। মহাৰাষ্ট্ৰই ৭৮ টা স্বৰ্ণ, ৭৬ টা ৰূপ আৰু ১০১ টা ব্ৰঞ্জৰ পদক সহ মুঠ ২৫৫ টা পদক দখল কৰাৰ বিপৰীতে হাৰিয়ানাই ৬৬ টা স্বৰ্ণ, ৬০ টা ৰূপ আৰু ৭১ টা ব্ৰঞ্জৰ পদক সহ মুঠ ১৯৭ টা পদক দখল কৰে।

Related News