NORTHEAST NOW (Assamese)

দেশৰ প্ৰথমখন ‘সেউজ গাঁও’ আছে উত্তৰ-পূৰ্বাঞ্চলতে, ক’ত আছে সেই গাওঁ?

August 27, 2020 5:08 pm · এন ই নাও নিউজ
Updated: August 27, 2020 5:10 pm

দেশৰ প্ৰথম খন সেউজ গাওঁৰ স্বীকৃতি লাভ কৰা গাওঁখন আমাৰ এই উত্তৰ পূৰ্বাঞ্চলতে আছে।

এছিয়াৰ ভিতৰতে আটাইতকৈ পৰিচ্ছন গাওঁ মাওলিনং যিদৰে মেঘালয়ত আছে ঠিক তেনেদৰে ভাৰত চৰকাৰে ঘোষণা কৰা দেশৰ প্ৰথম খন ‘সেউজ গাঁও’ আছে সাতভনীৰ অন্যতম ৰাজ্য নাগালেণ্ডেত।

নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত অৱস্থিত খনোমা নামৰ গাওঁখনেই হৈছে দেশৰ প্ৰথমখন সেউজ গাওঁ ।

গাঁওখনৰ যিফালেই চোৱা যায় সেই ফালেই কেৱল দেখিব সেউজীয়াৰ লহৰ।

আংগামী নগা লোকৰ বসতিস্থল এই গাওঁখনৰ বাসিন্দা সকল ইমানেই পৰিবেশ সচেতন যে ১৯৯৮ চনৰ পৰা গাওঁখনত সকলো ধৰণৰ চিকাৰ বন্ধ হৈ পৰিছে।

শাৰী শাৰী পাহাৰ,প্ৰণালীবদ্ধ ভাবে কৰা ঝুম খেতি,পৰিষ্কাৰ বাট-পথেৰে সুশোভিত খনোমা গাওঁক ২০০৫ চনতে ভাৰত চৰকাৰৰ পৰ্যটন দপ্তৰে দেশৰ প্ৰথমখন সেউজ গাওঁ হিচাবে স্বীকৃতি দিয়ে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই খনোমা গাওঁতেই দেশৰ আন প্ৰান্তৰ পৰা হেৰাই যোৱা ব্লাইথ ট্ৰাগ’পান নামৰ চৰাই বিধ এতিয়াও জীয়াই আছে।

চৰাইবিধৰ সংৰক্ষণৰ বাবে গাওঁখনৰ বাসিন্দা সকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি আহিছে।

Related News