NORTHEAST NOW (Assamese)

বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ: ফাইনেলত পৰাস্ত কিদাম্বি শ্ৰীকান্ত

December 19, 2021 8:33 pm · এন ই নাও নিউজ, গুৱাহাটী

স্পেইনৰ হুৱেলভাত অনুষ্ঠিত বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপৰ পুৰুষৰ একক ফাইনেলত পৰাস্ত হৈছে ভাৰতৰ কিদাম্বি শ্ৰীকান্ত।

ফাইনেলত ভাৰতীয় তাৰকা গৰাকী ছিংগাপুৰৰ লোহ কেন য়ুৰ হাতত ১৫-২১, ২০-২২ ব্যৱধানত পৰাস্ত হয়।

অৱশ্যে প্ৰতিযোগিতাখনত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈত পৰিণত হয় শ্ৰীকান্ত।

আনহাতে ছেমি ফাইনেলত শ্ৰীকান্তৰ হাতত পৰাস্ত হোৱা আন এগৰাকী ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনে প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক লাভ কৰে।

উল্লেখ্য ইয়াৰ পূৰ্বে প্ৰকাশ পাডুকনে ১৯৮৩ চনত আৰু এইচ এছ প্ৰণয়ে ২০১৯ চনত প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

Related News