NORTHEAST NOW (Assamese)
Popular Stories

ছটা বলত ছটা চিক্সাৰ! যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰিলে কিয়েৰণ পোলাৰ্ডে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 4, 2021 4:18 pm

এটা অভাৰৰ আটাইকেওটা বলতে চিক্সাৰ কোবাই জিলিকি উঠিল ৱেষ্ট ইণ্ডিজৰ কিয়েৰণ পোলাৰ্ড।

বুধবাৰে এণ্টিগুৱা এণ্ড বাৰবাডোৱাৰ ষ্টেনফ’ৰ্ড ক্ৰিকেট গ্ৰাউণ্ডত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ শৃংখলাৰ প্ৰথমখথন মেচত ৱেষ্ট ইণ্ডিজৰ অধিনায়কজনে এই প্ৰদৰ্শনেৰে ভাৰতৰ যুৱৰাজ সিঙৰ অভিলেখ স্পৰ্শ কৰিবলৈ কৰিবলৈ সক্ষম হয়।

পোলাৰ্ডৰ এই প্ৰদৰ্শনৰ দ্বাৰাই দলটোৱে চাৰি উইকেটত জয়ৰ মুখ দেখে।

এইক্ষেত্ৰত পোলাৰ্ডে বাচি লয় শ্ৰীলংকান অফ-স্পীনাৰ আকিলা ধনঞ্জয়ক।

উল্লেখযোগ্য যে ধনঞ্জয়ে পোলাৰ্ড উইকেটলৈ অহাৰ পূৰ্বৰ অভাৰটোত হেট্ৰিক অৰ্জন কৰি ৱেষ্ট ইণ্ডিজৰ বেটিংক্ৰমত ত্ৰাসৰ সৃষ্টি কৰিছিল।

ল’ স্কৰিং মেচখনত প্ৰথম বেট ধৰি শ্ৰীলংকাৰ ১৩১ ৰাণৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে সুন্দৰ আৰম্ভণি ঘটালেও ধনঞ্জয়ৰ বলত তৃতীয় অভাৰত ৫২ ৰাণতে তিনিটাকৈ উইকেট হেৰুৱায়।

তাৰ পাছতে কোলাৰ্ডৰ পৰাক্ৰমে ছয় অভাৰতে ১০০ ৰাণৰ সীমা অতিক্ৰম কৰে।

পোলাৰ্ডে ১১ টা বলতে ৩৮ ৰাণৰ বৰঙণি আগবঢ়ায় আৰু ৱেষ্ট ইণ্ডিজ চাৰি উইকেটত জয়ী হয়।

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত ইয়াৰ পূৰ্বে যুৱৰাজ সিঙে ছটা বলত ছটা চিক্সাৰ কোবাবলৈ সক্ষম হৈছিল।

২০০৭ চনৰ টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ষ্টুৱাৰ্ট ব্ৰ’ডৰ বলত তেওঁ এই অভিলেখৰ গৰাকী হৈছিল।

তাৰ পূৰ্বে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত দক্ষিণ আফ্ৰিকাৰ হাৰ্চেল গিবচে ছটা বলত ছটা চিক্সাৰ কোবাইছিল।

টুইটাৰযোগে যুৱৰাজ সিং আৰু হাৰ্চেল গিবচে কিয়েৰণ পোলাৰ্ডক অভিনন্দন জনাইছে।

হাৰ্চেল গিবচে টুইটটোত নিজৰ অভিলেখটোৰ কথা সোঁৱৰণ কৰি কয় যে মাৰ্চ মাহটো চিক্সাৰ মৰাৰ বাবে এটা জনপ্ৰিয় মাহ!

উল্লেখযোগ্য যে ২০০৭ চনৰ মাৰ্চ মাহতে এদিনীয়া বিশ্বকাপৰ লীগ মেচত নেদাৰলেণ্ডৰ বিৰুদ্ধে ছটা বলত ছটা চিক্সাৰ কোবাইছিল।

টুইটযোগে যুৱৰাজ সিঙে ‘ছয় বলত ছয় চিক্সাৰৰ ক্লাব’লৈ পোলাৰ্ডক আদৰণি জনাইছে।

তদুপৰি আইপিএল মুম্বাই ইণ্ডিয়ানচেও পোলাৰ্ডৰ এই প্ৰদৰ্শনত অভিভূত হৈছে।

উল্লেখযোগ্য যে কিয়েৰণ পোলাৰ্ড মুম্বাই ইণ্ডিয়ানছৰ নিয়মীয়া সদস্য।