NORTHEAST NOW (Assamese)

উঃ কোৰিয়াৰ শাসক কিম জং উন ক’মাত! : ভগ্নীক নিযুক্তি দিলে দেশখনৰ ছেকেণ্ড ইন কমাণ্ডৰ পদত!

August 23, 2020 6:13 pm · এন ই নাও নিউজ
Updated: August 23, 2020 6:17 pm

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ স্বাস্থ্য অতি সংকটজনক। এই দাবী উত্তৰ কোৰিয়াৰ চিৰবৈৰী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াৰ।

বিশ্বৰ অতি দৃঢ়মনা, নিৰ্ভীক আৰু ৰহস্যৰে আৱৰা একনায়ক গৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি দাবী কৰিছে শত্ৰু ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াই।

চীনৰ পৰা লাভ কৰা তথ্যৰ উদ্ধৃতি দি দ্য কোৰিয়া হেৰাল্ড নামৰ সংবাদ পত্ৰখনে কয় যে, উত্তৰ কোৰিয়াৰ শাসকজন এতিয়া ক’মাত আছে।

দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ঘনিষ্ঠ চাং ছং-মিনে দাবী কৰি কৈছে যে কিম জং উনে নিজ ভগ্নী কিম ইয়ো-জঙক দেশখনৰ ছেকেণ্ড ইন কমাণ্ডৰ পদ নিযুক্তি প্ৰদান কৰি আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ সম্পৰ্ক পৰিচালনা কৰাৰ দায়িত্বও অৰ্পণ কৰিছে।

দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত কিম ডায়ে-জঙৰ অতি ঘনিষ্ঠ সহযোগী ৰাজনৈতিক বিভাগৰ সচিব চাং ছং-মিনে চ’ছিয়েল মিডিয়াৰ যোগে দাবী কৰিছে যে উত্তৰ কোৰিয়াৰ শাসকে এইদৰে অন্য কোনো ব্যক্তিৰ হাততে দেশৰ কতৃৰ্ত্ব নিদিয়ে, যদিহে শাসকজন অসুস্থ নহয় অথবা ক্ষমতাচ্যুত নহয়।

তেওঁ লগেত কয় যে, কিম জং উনে ভগ্নীৰ কিম ইয়ো-জঙৰ হাতত এনে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াটোৱে উন শয্যাশায়ী অথবা শাসন কৰিবলৈ অক্ষম হৈ থকাটোকে বুজাইছে।

দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমত চাং ছং-মিনে আৰু কয়, “মই ধাৰণা কৰোঁ তেওঁ এতিয়াও জীয়াই আছে, কিন্তু তেওঁ ক’মাত আছে।”

Related News