NORTHEAST NOW (Assamese)

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে পাৰমাণৱিক আক্ৰমণৰ প্ৰস্তুতিৰ নিৰ্দেশ কিমৰ!

March 20, 2023 12:24 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰিহীত।

উত্তৰ কোৰিয়াৰ নেতা কিম জং-উনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে পাৰমাণৱিক আক্ৰমণৰ প্ৰস্তুতিৰ নিৰ্দেশ দিছে। তেওঁ ৱাশ্বিংটন আৰু চিউলৰ মাজত কেইবাটাও যৌথ সামৰিক অনুশীলনৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ দিছে। একে সময়তে, তেওঁ দুয়োখন দেশৰ ওপৰত সামৰিক অনুশীলনত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

আন্তৰ্জাতিক সংবাদ সংস্থাই দেশখনৰ চৰকাৰী সংবাদ সংস্থা কেচিএনএ-ৰ বাতৰিৰ উদ্ধৃতি দি জনায় যে উত্তৰ কোৰিয়াৰ সশস্ত্ৰ বাহিনীয়ে শনিবাৰ আৰু দেওবাৰে “যুদ্ধ প্ৰতিৰোধ আৰু পাৰমাণৱিক আক্ৰমণৰ ক্ষমতা”ৰ শক্তিশালী অনুশীলন চলাইছে।

লগতে পঢ়ক: পুনৰ দিল্লী অৱৰোধ কৰিবলৈ সাজু! ৰামলীলা ময়দানত সমবেত হ’বলৈ আগবাঢ়িছে সহস্ৰাধিক কৃষক

ইয়াৰ পিছদিনাই কিম জং উনে এনে কঠোৰ নিৰ্দেশনা দিয়ে। পিছত তেওঁ মিছাইল পৰীক্ষাৰ অনুশীলনতো অংশগ্ৰহণ কৰে।

কৌশলগত পাৰমাণৱিক আক্ৰমণ অনুশীলনত, ই ৮০০ মিটাৰ উচ্চতাত লক্ষ্যবস্তুত আঘাত কৰিব পৰা ৱাৰহেডেৰে সজ্জিত এটা বেলিষ্টিক মিছাইল উৎক্ষেপণ কৰিছিল। কিম নিজে উপস্থিত থাকি অনুশীলনৰ তত্বাৱধান কৰিছিল।

কিমে কয় যে অনুশীলনবোৰে তেওঁৰ সামৰিক বাহিনীৰ যুঁজৰ সামৰ্থ্য বৃদ্ধি কৰিছে। তাৎক্ষণিক আৰু অত্যাধিক পাৰমাণৱিক প্ৰত্যাক্ৰমণৰ বাবে প্ৰস্তুত হোৱাৰ প্ৰয়োজন আছে।পাৰমাণৱিক শক্তিয়ে ইয়াৰ তীব্ৰ যুদ্ধ প্ৰ স্তুতিৰ জৰিয়তে শত্ৰুৰ বেপৰোৱা কাৰ্যকলাপ আৰু উচটনিক দৃঢ়ভাৱে প্ৰতিৰোধ কৰিব।

লগতে পঢ়ক: দেউলীয়া হোৱাৰ আতংকৰ পৰা উদ্ধাৰ ১৬৬ বছৰ পুৰণি বেংক Credit Suisse; কি চুক্তি হ’ল UBSৰ সৈতে?

তদুপৰি, যিকোনো অপ্ৰত্যাশিত পৰিস্থিতিত ই কোনো দ্বিধা নকৰাকৈ গুৰুত্বপূৰ্ণ অভিযান পৰিচালনা কৰিব বুলিও কিমে মতপোষণ কৰে।

Related News