NORTHEAST NOW (Assamese)
অসম

নাও বুৰিলেও টিঙৰ পৰা নানামে কিম জং! তীব্ৰ খাদ্য সংকটৰ মাজতো দিলে পাৰ্টি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2021 8:52 am
Kim Jung

তীব্ৰ খাদ্য সংকটৰ সমান্তাৰলভাৱে কৰ’না সংকটত উৱাদিহ নোপোৱা অৱস্থাৰ সন্মুখীন হোৱা উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী নেতা কিম জং উনৰ স্বভাৱৰ পৰিৱৰ্তন হোৱা নাই।

দেশখনৰ জটিল পৰিস্থিতিৰ মাজতো কিমে পৰিয়াল তথা আত্মীয়, বন্ধু-বান্ধৱৰ সৈতে পুনৰ্নিমিত ‘ভাসমান বিনোদন পাৰ্ক’ত পাৰ্টি কৰিছে।

বাতৰি অনুসৰি, ২০১৯চনৰ পাছত প্ৰথথমবাৰ কিমৰ ওনছান মেনশ্যনৰ ব্যক্তিগত বীচ্চত সেই ‘ভাসমান বিনোদন পাৰ্ক’খন ৰখা হৈছে।

২৬০ ফুট দৈৰ্ঘৰ এই নৌযানখনত দুটা টুইষ্টিং ৱাটাৰশ্লাইড, বিশালাকৃতিৰ পুল আৰু বহুমহলীয়া লাউঞ্জ আছে।

যোৱা মে’ মাহত ৩৭ বছৰীয়া কিম জং ৰাজহুৱাভাৱে সন্মুখলৈ অহা নাছিল। তেতিয়া তেওঁ অসুস্থ বুলি খৱৰ ওলাইছিল।  এই পাৰ্টিৰ সময় সেই সময়ৰ বুলি দাবী কৰিছে দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যম এন কে নিউজে।

বাতৰি অনুসৰি, মে’ মাহৰ ২৪ তাৰিখে নৌযানখন কিমৰ ব্যক্তিগত বীচ্চত দেখা গৈছিল বুলি কোৱা হৈছে।

কিমে পৰিয়ালক সময় দিবলৈকে এই পাৰ্টিৰ আয়োজন কৰিছিল বুলি অনুমান কৰা হৈছে।