NORTHEAST NOW (Assamese)

‘ভুৱা প্ৰচাৰৰ মূল্য ভৰিব লাগিব’ : দঃ কোৰিয়াক উঃ কোৰিয়াৰ শাসক কিম জন উনৰ ভগ্নীৰ ভাবুকি

December 9, 2020 9:05 pm · এন ই নাও নিউজ
Updated: December 9, 2020 9:10 pm

ভুৱা প্ৰচাৰৰ মূল্য ভৰিব লাগিব দক্ষিণ কোৰিয়াই। এই কঠোৰ সকীয়নি দিছে উত্তৰ কোৰিয়াৰ শাসক কিম জঙ উনৰ ভগ্নী কিম ইয়ো জঙে।

যোৱা শনিবাৰে দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী ক্যাং কুং হোৱাই অভিযোগ কৰি কৈছিল যে উত্তৰ কোৰিয়াত ক’ৰ’ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কিন্তু কিম জং উনৰ প্ৰশাসনে অতি গোপনীয়তাৰে সেই তথ্য লুকুৱাই ৰাখিছে।

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা সময়তো উত্তৰ কোৰিয়াৰ প্ৰশাসনে দেশখন কোভিডমুক্ত বুলি বাৰম্বাৰ ঘোষণা কৰি আহিছে।

কিন্তু চিৰ বৈৰী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াই বাৰে বাৰে উত্তৰ কোৰিয়াৰ এই ঘোষণাক মিছা বুলি দাবী কৰি আহিছে।

যোৱা শনিবাৰে দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ কোৰিয়াত কোভিড সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু সেয়ে দেশখনে সকলো আন্তৰ্জাতিক সীমান্ত ছীল কৰি জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে।

দক্ষিণ কোৰিয়াৰ বিদেশমন্ত্ৰী ক্যাঙৰ মতে দেশখনত কোবিড সংক্ৰমিত লোকসকলক সম্পূৰ্ণৰূপে আইছ’লেটেড কৰা হৈছে আৰু এই সমগ্ৰ তথ্য বিশ্বৰ পৰা গোপনে ৰাখিছে উত্তৰ কোৰিয়াই।

দক্ষিণ কোৰিয়াই এই অভিযোগ উত্থাপন কৰাৰ পিছতে উত্তৰ কোৰিয়াৰ শাসক কিম জন উনৰ ভগ্নী তথা উন প্ৰশাসনৰ প্ৰভাৱশালী নেত্ৰী কিম ইয়ো জঙে বুধবাৰে কঠোৰ ভাষাৰে দক্ষিণ কোৰিয়াক হুমকি প্ৰদান কৰিছে।

দক্ষিণ কোৰিয়াৰ দাবী নস্যাৎ কৰি জঙে অতি আক্ৰমণাত্মকভাৱে কয়, “তেওঁলোকৰ উদ্দেশ্য অতি পৰিস্কাৰ। আমি তেওঁলোকৰ কথাক বিশ্বাস নকৰো। তেওঁলোকে ইয়াৰ বাবে মূল্য ভৰিব লাগিব।”

Related News