NORTHEAST NOW (Assamese)

কিম জং-উনৰ পত্নীৰ ডিঙিত ‘মিছাইল’ৰ নেকলেছ! বিশ্বজুৰি আলোড়ন

February 10, 2023 1:15 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 10, 2023 1:18 pm

উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উন বিশ্বব্যাপী চৰ্চিত ব্যক্তি। তেওঁ প্ৰায়ে মিছাইল পৰীক্ষা কৰি আন্তৰ্জাতিক মাধ্যমত শিৰোনাম দখল কৰে। উত্তৰ কোৰিয়াৰ এই  একনায়কগৰাকীয়ে শত্ৰুক পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ সম্পৰ্কে সতৰ্ক কৰি দিয়ে। এইবাৰ দেশৰ সামৰিক কুচকাৱাজত মিছাইলৰ আকৃতিৰ নেকলেছ পিন্ধি শাসকগৰাকীৰ পত্নী ৰি চোল জু-ৱে  সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

বুধবাৰে নিশা পিয়ংইয়ংত এক পেৰেডত উত্তৰ কোৰিয়াৰ সামৰিক সম্ভাৰ প্ৰদৰ্শিত হৈছিল। ইয়াত দেশখনে অত্যাধুনিক পাৰমাণৱিক ক্ষেপণাস্ত্ৰ প্ৰদৰ্শন কৰিছে। আন্তৰ্জাতিক সম্প্ৰদায়ে বিশ্বাস কৰে যে উত্তৰ কোৰিয়াই অনাগত দিনত সেই ক্ষেপণাস্ত্ৰবোৰৰ পৰীক্ষা চলাব।

পেৰেডত বিভিন্ন বেলিষ্টিক মিছাইল প্ৰদৰ্শনৰ চাৰিওফালে কিমক এক উৎফুল্লিত মেজাজত দেখা গৈছিল। তেওঁ ক’লা কোট আৰু টুপী পিন্ধি আছিল। তেওঁৰ কন্যা কিম জু-ৱেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁলোকে আন্তঃমহাদেশীয় ক্ষেপণাস্ত্ৰৰ এক বৰ্ণময় শোভাযাত্ৰা উপভোগ কৰিছিল। ১০ বছৰীয়া কিমৰ ছোৱালীজনীয়েও দেশৰ সামৰিক বিষয়াসকলৰ সৈতে ফটো তুলিছিল।

আগন্তুক দিনত কিমৰ কন্যাৰ হাততে দেশখনৰ ৰাজদণ্ড থাকিব পাৰে বুলি অনুমান কৰা হৈছে। অৱশ্যে মিছাইল প্ৰদৰ্শনৰ লগতে কিমৰ পত্নী ৰি চোল জু-ৰ নেকলেছডালেহে অধিক মনোযোগ আকৰ্ষণ কৰিছে। মিছাইলসদৃশ নেকলেছৰ বাবে তেওঁ আন্তৰ্জাতিক মাধ্যমতো শিৰোনাম দখল কৰিছে।

Related News