NORTHEAST NOW (Assamese)

শিৱসাগৰৰ কিনকিনি ভড়ালীয়ে লাভ কৰিলে মিছ কিডচ ইণ্ডিয়া ইণ্টাৰনেচনেল ৱৰ্ল্ড খিতাপ

July 8, 2019 3:44 pm · পার্শ্বজোতি গগৈ
Updated: July 8, 2019 3:46 pm

শিৱসাগৰ নগৰৰৰ কিনকিনি ভড়ালীয়ে লাভ কৰিলে মিছ কিডচ ইণ্ডিয়া ইণ্টাৰনেচনেল ৱৰ্ল্ড ২০১৯ খিতাপ। দেওবাৰে গুৱাহাটীৰ আই টি এ মাছখোৱাত গামোচা মেগা এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে আয়োজন কৰা ইণ্টাৰনেচনেল ষ্টাৰ আইকন ছিজন ৩ত মিছ কিডচ ইণ্ডিয়া ইণ্টাৰনেচনেল ৱৰ্ল্ড ২০১৯ ৰ খিতাপ অৰ্জন কৰে।

ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা ১০০ৰো অধিক প্ৰতিযোগীৰ ভিতৰত কিনকিনি ভড়ালীয়ে এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱাত পৰিয়ালটোৰ লগতে শিৱসাগৰবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে।

ভাস্কৰ ভড়ালী আৰু বৰ্ণালী দত্ত ভড়ালীৰ কন্যা কিনকিনি ভড়ালী সৰুৰে পৰা মডেলিংৰ প্ৰতি আগ্ৰহী। তিনিচুকীয়াৰ গুৰু টেগ বাহাদুৰ একাডেমীৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী কিনকিনিৰ পিতৃ কৰ্মসুত্ৰে বৰ্তমান ডুমডুমাৰ বাসিন্দা।

শিশুটিৰ এই সাফল্যত শিৱসাগৰবাসীৰ লগতে ডুমডুমাবাসীয়েও আনন্দ প্ৰকাশ কৰাৰ লগতে কিনকিনি ভড়ালীৰ ভৱিষ্যত জীৱন উজ্জল কামনা কৰিছে।

Related News