NORTHEAST NOW (Assamese)

কংগ্ৰেছৰ পৰা মানুহ গুচি নাযায়, খেদি দিয়ে: কিৰিপ চলিহা

July 29, 2020 10:55 pm · দীপজ্যোতি শৰ্মা

কংগ্ৰেছৰ পৰা কোনোবা মানুহ গুচি নাযায়, কংগ্ৰেছৰ পৰা মানুহ খেদি দিয়ে৷ খেদি দিয়ে সাধাৰণতে দলত থকা মানুহে৷ এক সাক্ষাৎকাৰত এই মন্তব্য কৰে প্ৰাক্তন সাংসদ কিৰিপ চলিহাই৷

বিজেপিলৈ কংগ্ৰেছৰ কেনেকৈ সেই ল’ৰাবোৰ গৈছে মই জানো বুলি উল্লেখ কৰি চলিহাই কয় “কংগ্ৰেছৰ পৰা কোনোবা মানুহ গুচি নাযায়, কংগ্ৰেছৰ পৰা মানুহ খেদি দিয়ে৷ খেদি দিয়ে সাধৰণতে দলত থকা মানুহে৷ দলৰ কিছুমানে ভাৱে যে সিহতক আতৰালে আমি সিহতৰ স্থান লব পাৰিম”৷

আনহাতে কংগ্ৰেছৰ অভ্যন্তৰীণ কাজিয়াত সুযোগ পালে বিজেপিয়ে উল্লেখ কৰি চলিহাই কয় “বিজেপিক যদি কোনোবাই দূৰ্বল বুলি ভাবে ইয়াক ডাঙৰ ভুল কৰা হব ৷ চাৰি বছৰ আগৰ বিজেপিৰ মাজত পাৰ্থক্য আছে”৷

যোৱা চাৰি বছৰত বিজেপিয়ে বহু যুৱ নেতাৰ অন্তৰ্ভূক্ত কৰাৰ লগতে কংগ্ৰেছৰ বহুখিনি ভোট বিজেপিয়ে দখল কৰিলে বুলি উল্লেখ কৰি চলিহাই কয় “হিমন্তই অকলে লৈ যোৱা নাই, কংগ্ৰেছৰ অভ্যন্তৰীণ সংঘাত হোৱাত বহুসংখ্যক ভোট লৈ গ’ল৷ যোৱা সমূহক ঘূৰাই আনিবলৈ কংগ্ৰেছৰ পদক্ষেপ দৃষ্টিগোচৰ হোৱা নাই ৷ আনকি আহ্বানো জনোৱা নাই”৷

বিজেপিক ওফৰাবলৈ হ’লে একলগ হ’ব লাগিব যদিও এক কেনেকৈ হব যদি বাকী পাৰ্টীবোৰক সন্মানে নিদিয়ে বুলি আক্ষেপ কৰি চলিহাই কয় “আমি সহায় কৰি দিম তোমালোকে একো নিদিবা তেনেকৈতো নাহিব ৷ সকলোকে ঐক্যবদ্ধ কৰাৰ আগত দলৰ যিবোৰ গ’ল সেই বোৰক আনিব লাগে”৷

“অসম কংগ্ৰেছত জ্যেষ্ঠ নেতা নাই যদিও মই নাভাবো যিখিনি জ্যেষ্ঠ লোক আছে তেওঁলোকে কংগ্ৰেছ এৰি যাব। ৰাজনীতিতো সকলো হৈ যায় ৷ যদি এইফালেও নাই সেইফালেও নাই মাজত বিকল্প শক্তি এটা যদি হৈ যায় তেনেহ’লে যিকোনো সম্ভাৱনাই হ’ব পাৰে ৷ নিৰ্বাচনৰ আগতেই সেইবোৰ হয়,” চলিহাই কয়৷

কংগ্ৰেছৰ সভাপতিয়ে মোক ফোন কৰিবলৈ সাহস নকৰে কাৰণ সমস্যা আছে বুলি উল্লেখ কৰাৰ লগতে চলিহাই কয় “মই যদি কৰ’বালৈ যাও মই কম,মইতো লুকধাক কৰা নাই ৷ ধাৱমান হম নে স্থিত অৱস্থাত থাকিম সেয়া মই জানো”৷

মই পইচাৰ কাৰনে ৰাজনীতি নকৰো, মানুহৰ কাৰণে কৰো৷ যদি প্ৰয়োজন হয় স্থিতি ল’ম বুলি জনায় প্ৰাক্তন সাংসদজনে৷

Related News