NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯: অসমত নতুন আক্ৰান্ত ১৩৪৮, আৰোগ্য ১২১৪

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2020 11:29 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

১৩৪৮গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

বিপৰীতে ১২১৪গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ বুধবাৰে চিকিৎসালয়ৰ পৰা মুক্তি পাইছে।

অসমত আৰোগ্যৰ হাৰ হৈছে ৭৬.৭৭ শতাংশ।

অসমত এতিয়ালৈকে ২৭,৮৩২গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৮৩৬৮গৰাকী।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

আনহাতে চাৰিগৰাকী ক’ভিড ৰোগীয়ে অসমত বুধবাৰে প্ৰাণ হেৰুৱাইছে আৰু মুঠ মৃতকৰ সংখ্যা ৯২লৈ বৃদ্ধি পাইছে।

অসমত যোৱা ২৪ ঘণ্টাত ১৮,৯৪১টা ক’ভিড টেষ্ট সম্পন্ন হৈছে।

টেষ্টৰ তুলনাত ক’ভিড পজিটিভৰ হাৰ ৭.১১শতাংশ।

নতুনকৈ ক’ভিড পজিটিভ চিনাক্তসকলৰ ৩৪৮গৰাকী কামৰূপ মহানগৰৰ, কামৰূপ জিলাৰ হৈছে ১২৭ (।)

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩৬,২৯৫গৰাকী।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।