NORTHEAST NOW (Assamese)
অসম

সাৱধান!! দীপাৱলীত ফটকা ফুটাওঁতে সংযত নহ’লে ৰোষত পৰিব পাৰে উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ October 24, 2018 10:50 am
Diwali

দীপাৱলীৰ সময়ত ফটকা ফুটাওঁতে সাৱধান নহ’লে আইনী বিপদত পৰিব পাৰে উৎসৱৰ আনন্দত মতলীয়াসকল। যদিও ৰাজ্য চৰকাৰে এই পৰ্য্যন্ত একো স্থিতি প্ৰকাশ কৰা নাই, ২৩ অক্টোবৰত এটা গুৰুত্বপূৰ্ণ ৰায়ত উচ্চতম ন্যায়ালয়ে কয় যে দীপাৱলীত কেৱল ৰাতি ৮ বজাৰ পৰা ১০ বজালৈকেহে ফটকা ফুটাব পাৰিব।

একাংশ লোকে দীপাৱলীত অবিবেচনাৰে অতি মাত্ৰা ফটকা ফুটাই পৰিৱেশ প্ৰদূষণ আৰু শব্দৰ প্ৰদূষণ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ উচ্চতম ন্যায়ালয়ে এই ধৰণৰ কিছুমান প্ৰতিবন্ধকতা আৰোপ কৰে।

এই সন্দৰ্ভত এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এ কে ছিক্ৰি আৰু অশোক ভূষণৰ দুজনীয়া পীঠে কয় যে দীপাৱলীৰ দৰে উৎসৱসমূহত কেৱল দুঘণ্টাহে আতচবাজি ফুটাব পাৰিব। ৰায়টোত দীপাৱলীত আতচবাজি ফুটোৱাৰ সময় ৰাতি ৮ বজাৰ পৰা ১০ বজালৈ ধৰি কয় যে কোনো অঞ্চলত এই নিয়ম উলংঘা হ’লে তাৰ বাবে দায়ী হ’ব সংশ্লিষ্ট অঞ্চলটো যি আৰক্ষী থানাৰ অধীনত পৰে তাৰ ভাৰপ্ৰাপ্ত বিষয়াজন।

আনহাতে ফটকাৰ অনলাইন বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰে ন্যায়ালয়ৰ বিচাৰপীঠখনে। ফলত অনলাইন বিক্ৰীৰ বাবে অনুমতি দিবলৈ আৱেদন কৰা ৱেবছাইটবোৰৰ কৰ্তৃপক্ষসমূহ হতাশ হয়।

অৱশ্যে আৱেদনত দাবী কৰা মতে, ফটকা ফুটোৱা আৰু উৎপাদন সম্পূৰ্ণ নিষিদ্ধ কৰিবলৈ অস্বীকাৰ কৰে বিচাৰপীঠখনে। গ্ৰীন ক্ৰেকাৰ্ছ, অৰ্থাৎ কম প্ৰদূষণকাৰী ফটকা উৎপাদনত কোনো বাধা আৰোপ কৰাৰ পৰা বিৰত থাকিল ন্যায়ালয়। ফলত দেশৰ বৃহৎ ফটকা উদ্যোগবোৰৰ লগতে অসমৰ বৰপেটাৰ ফটকা উদ্যোগেও সকাহ পালে।

উল্লেখযোগ্য যে অহা ৭ নৱেম্বৰত গোটেই দেশজুৰি পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হ’ব।