NORTHEAST NOW (Assamese)

গোলাঘাট জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি তথা কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ধৰ্মেশ্বৰ শইকীয়াৰ মৃত্যু

October 19, 2021 7:21 pm · মীনাক্ষী ফুকন,গোলাঘাট

কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰতিষ্ঠাৰ আঁৰৰ এজন অন্যতম ব্যক্তি ধৰ্মেশ্বৰ শইকীয়াৰ মৃত্যু।

দৈয়াং মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰয়াত শইকীয়াৰ যথেষ্ট অৱদান আছিল।

বিশেষকৈ দৈয়াং মুক্তি সংগ্ৰাম সমিতি, বৃহত্তৰ টেঙানি উন্নয়ন সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক হোৱাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় পৰ্যায়ৰ উপ-সভাপতি আছিল।

জানিব পৰা মতে মধুমেহ ৰোগত আক্ৰান্ত হোৱা শইকীয়াক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ অনা অৱস্থাতে মৃত্যু হয়।

আজি এই মানৱদৰদী নেতাগৰাকীৰ অকাল মৃত্যুত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ,কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ ত্যাগক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Related News