NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কে অসমক উপকৃতহে কৰিব : শিক্ষাবিদ ড০ জ্ঞানেন্দ্ৰ বৰ্মন

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী January 27, 2019 10:01 pm
Citizens’ meet programme

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে অসমবাসীক বিপথে পৰিচালিত কৰাৰ লগতে ৰাজ্যবাসীৰ মাজত মতভেদ সৃষ্টি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিক্ষাবিদ ড০ জ্ঞানেন্দ্ৰ বৰ্মনে।

লোক জাগৰণ মঞ্চ ডিব্ৰুগড়ৰ সৌজন্যত আমোলাপট্টি নাট্য মন্দিৰত আজি আয়োজন কৰা এখন নাগৰিক সভাত এইদৰে কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে শিক্ষাবিদগৰাকীক সৰৱ হৈ পৰা দেখা যায়। এই সভাতে তেওঁ নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত অখিল গগৈয়ে অসমৰ মানুহক ভুল তথ্য দি থকা বুলিও অভিযোগ উত্থাপন কৰে।

‘নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ ৰাইজক উপকৃত কৰিব। ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা বাবেই বাংলাদেশৰ হিন্দু লোকসকল অসমলৈ আহিছে, আৰু সেইসকল লোকক সহায় কৰাটো আমাৰ কৰ্তব্য। কিয়নো বাংলাদেশী মুছলমানৰ নিৰ্যাতনত সেই লোকসকলে দেশ এৰিবলৈ বাধ্য হৈছে। বাংলাদেশৰ হিন্দু লোকসকলৰ ঘৰ-মাটি, সম্পত্তি কাঢ়ি নিয়াৰ লগতে বহুতো হিন্দু মহিলাক ধৰ্ষণো কৰিছে’। বৰ্মনে এইদৰে কয়।

তেওঁ লগতে অসম চুক্তিৰ ৬ নং দফাই অসমৰ খিলঞ্জীয়া লোকক সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰিব বুলিও কয়। ‘চৰকাৰে অতি শীঘ্ৰে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিব। চৰকাৰৰ এই সিদ্ধান্তক আমি আদৰণি জনাইছো’। অসম চুক্তি সন্দৰ্ভতো বৰ্মনে এইদৰে মন্তব্য কৰে।

আজিৰ এই সভাতে উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বংকিম শৰ্মাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়া সমাজ অথবা অসমীয়া ভাষাৰ একো ক্ষতি নকৰে। কিয়নো অসমীয়া ভাষাটোক সুৰক্ষা দিবলৈ ইতিপূৰ্বে অসম চৰকাৰী ভাষা আইন ১৯৬০ খন আছেই।

‘এই বিধেয়কখনৰ জৰিয়তে মাত্ৰ ৩১ হাজাৰ লোকহে উপকৃত হ’ব। কিছু সংগঠনে ৰাইজক বিভ্ৰান্তিকৰ তথ্য দি আছে কাৰণ সেই সংগঠন সমূহে বিধেয়কখন ভালদৰে বুজি পোৱা নাই। এই বিধেয়কখনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা অমুছলমানী লোকক নাগৰিকত্ব দিব বিচাৰিছে’। এই মন্তব্য শৰ্মাৰ।

আনহাতে নাগৰিক সভাখন আয়োজন কৰা লোক জাগৰণ মঞ্চৰ এজন সদস্যই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বহুতৰে মাজত কিছুমান ভুলধাৰণা আছিল আৰু আমি সেই ভুলধাৰণা সমূহ আঁতৰোৱাৰ বাবেই আজিৰ এই নাগৰিক সভাখনৰ আয়োজন কৰিছো।

ইফালে আজিৰ এই সভাত ডিমৌ মহাবিদ্যালয়ৰ অধ্যক্ষ দেবকৰ্ণ ফুকনো উপস্থিত থাকি বিধেয়কখন প্ৰসংগত ভাষণ প্ৰদান কৰে।