NORTHEAST NOW (Assamese)

অখিল গগৈক সাক্ষাৎ মাতৃ প্ৰিয়দা গগৈৰ; পুত্ৰক উপযুক্ত চিকিৎসা নকৰাৰ অভিযোগ

March 20, 2020 5:09 pm · পার্শ্বজোতি গগৈ

বৃহস্পতিবাৰৰ পৰা শিৱসাগৰ সদৰ আৰক্ষী থানাত কাৰাবন্দী হৈ থকা কৃষক মুক্তিৰ নেতা অখিল গগৈক আজি তেওঁৰ মাতৃ প্ৰিয়দা গগৈয়ে সাক্ষাৎ কৰে।

পুৱা ১০.৩০ বজাত শিৱসাগৰ থানাত অখিল গগৈক সাক্ষাৎ কৰি পুত্ৰক উপযুক্ত চিকিৎসা কৰা হোৱা নাই বুলি কৈ তেওঁ আৱেগিক হৈ পৰে। অখিল গগৈ বৰ্তমান গা আৰু ককালৰ বিষৰ লগতে বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ থকা বুলি তেওঁ জনায়।

অখিল অচিৰে মুকলি আকাশৰ তললৈ অহাটো কামনা কৰি তেওঁৰ পুত্ৰক কৰা অন্যায়ৰ বিৰুদ্ধে অসমবাসীয়ে বিজেপি চৰকাৰক সময়ত সঠিক প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে নিয়া আদালতত জামিন লাভ কৰাৰ পাছত ১৯ মাৰ্চত শিৱসাগৰ সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা ১৩৪৪/১৯ নম্বৰৰ গোচৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে অখিল গগৈক গুৱাহাটী কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰি শিৱসাগৰলৈ আনিছিল।

আদালতে অখিলক চাৰিদিনৰ আৰক্ষী জিম্মাত দিছিল। কালিৰ পৰা অখিল গগৈক শিৱসাগৰ সদৰ আৰক্ষী থানাত সোধাপোচা কৰি থকা হৈছে।

Related News