NORTHEAST NOW (Assamese)
অসম

আন ঠাইত মাটি থকা লোকক গুৱাহাটীত মাটি নিদিয়াৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৃষক মুক্তিৰ : দিচপুৰ লাষ্টগেইটত প্ৰতিবাদ

Posted by: কল্পজ্যোতি শইকীয়া October 3, 2018 1:26 pm
kmss protest

গুৱাহাটীৰ পাহাৰত বাস কৰি অহা ভূমি পট্টাবিহীন থলুৱা লোকক পট্টা প্ৰদান কৰাৰ দাবীত তথা ৰাজ্যৰ আন ঠাইত মাটি থাকিলেই গুৱাহাটীৰ ভূমিহীনক মাটি প্ৰদান দিয়া নহ’ব বুলি চৰকাৰে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতাৰে আজি পুনৰবাৰ দিচপুৰ লাষ্টগেইটত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কামৰূপ মহানগৰ জিলা শাখাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে যোৱা  ৬ ছেপ্তেম্বৰত জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকে গুৱাহাটীৰ পট্টাহীনক দীৰ্ঘদিন তেওঁলোকে বাস কৰি অহা মাটিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও আন ঠাইত মাটি থাকিলে গুৱাহাটীত মাটি নাপাব বুলিও সিদ্ধান্ত লোৱা হয়। আনকি আৱেদনকাৰীৰ পিতৃ-মাতৃৰ নামতো অসমৰ কোনো ঠাইতে মাটি থাকিব নোৱাৰিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে।

কেবিনেটত চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক হঠকাৰী আখ্যা দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু সেয়েহে আজি দিচপুৰ লাষ্টগেইটত গণ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা বুলি নৰ্থ-ইষ্ট নাওৰ আগত জানিবলৈ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰে।

উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি বেদান্ত লস্কৰে বৰ্তমানৰ চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কয়, “কংগ্ৰেছ চৰকাৰৰ দিনতে গুৱাহাটীৰ থলুৱা ভূমিহীন লোকসকলক ভূমি প্ৰদানৰ উদ্দেশ্য আগত ৰাখি ডাঃ ভূমিধৰ বৰ্মন কমিটী গঠন কৰিছিল। কিন্তু ডাঃ ভূমিধৰ বৰ্মন কমিটীয়ে ভূমি পট্টাৰ বাবে ১২ দফীয়া অনুমোদন দিছিল। কিন্তু তেতিয়াৰ চৰকাৰখনে সেই প্ৰতিবেদন গাপ দি ৰাখিলে।”

আনহাতে, বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত হৰিশংকৰ ব্ৰহ্ম কমিটীৰ প্ৰতিবেদনৰ আধাৰত গুৱাহাটীৰ ভূমিহীন থলুৱা লোকক ভূমিৰ পট্টা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন বৰ্তমান সময়লৈকে ৰাজ্য চৰকাৰে ৰাজহুৱা নকৰা বুলি গুৰুতৰ অভিযোগ তোলে।

তদুপৰি, ‘চৰকাৰে অসমৰ অন্য ঠাইত মাটি থকা মানুহক গুৱাহটীত মাটিৰ পট্টা নিদিয়াৰ সিদ্ধান্তই থলুৱা অসমীয়াক ভয়ংকৰ ক্ষতি সাধন কৰিব’ বুলি তেওঁ আমাৰ আগত কয়।

উক্ত প্ৰতিবাদস্থলীৰ পৰাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ উক্ত সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী জনোৱাৰ লগতে এটা পৰিয়ালক ডেৰ কঠাৰ পৰা ৩ কঠা পৰ্য্যন্ত বাসভূমিৰ পট্টা দিবৰ বাবে দাবী জনায়। লগতে গুৱাহাটীৰ চৰকাৰী মাটি, পাহাৰ, বনাঞ্চল আৰু জলাশয়ৰ মাটি বৃহৎ ক’ৰ্পৰেট গোষ্ঠী তথা বিল্ডাৰসমূহক দিয়া বন্ধ কৰিবৰ বাবেও দাবী জনায়।

আনহাতে, বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবৰ বাবেও কৃষক মুক্তি সংগাম সমিতিয়ে দাবী জনায়।

উল্লেখ্য যে, ৫ শতাধিক  প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰা উক্ত প্ৰতিবাদস্থলৰ পৰাই মুখ্য মন্ত্ৰীলৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

উল্লেখযোগ্য যে কৃষক মুক্তিয়ে পাহাৰত বাস কৰি অহা খিলঞ্জীয়া লোকসকলৰ মাটিৰ পট্টাৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। ২০১৪ চনৰ ২৪ ফেব্ৰুৱাৰিত আন্দোলনৰ এটা কাৰ্য্যসূচীত সচিবালয়ৰ সন্মুখত গাত পে’ট্ৰল ঢালি আত্মজাহ দিছিল কৃষক মুক্তিৰ নেতা প্ৰণৱ বড়োৱে।

আনহাতে ইয়াৰ পূৰ্বে ২০১১ চনৰ ২২ জুনত পট্টাৰ আন্দোলনত অংশগ্ৰহণ কৰি আৰক্ষীৰ গুলীত বীৰেন কলিতা, শিৱকুমাৰ চৌহান আৰু ৯ বছৰীয়া ৰাহুল আলীয়ে মৃত্যুক সাবটি লৈছিল।