NORTHEAST NOW (Assamese)

এমাহৰ ভিতৰত শিৱসাগৰ-শিমলুগুৰি সংযোগী পথ মেৰামতিৰ দাবী কৃষক মুক্তিৰ

August 27, 2018 8:43 pm · পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰৰ অন্যতম ব্যস্ততাপূৰ্ণ পথ শিৱসাগৰ-শিমলুগুৰি সংযোগী ‘ভূৱন গগৈ পথ’টো অতি শীঘ্ৰে মেৰামতি কৰাৰ দাবী তুলি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা শাখা সমিতিয়ে শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

শিৱসাগৰ জিলাৰ পথ পৰিবহণ ব্যৱস্থাৰ মেৰুদণ্ড হিচাপে পৰিচিত শিৱসাগৰ-শিমলুগুৰি সংযোগী ‘ভূৱন গগৈ পথ’টো গড়কাপ্তানি বিভাগে দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত জৰাজীৰ্ণ হৈ যাতায়াতৰ বাবে সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে।

জৰাজীৰ্ণ হৈ পৰা এই পথেৰে যাতায়াত কৰা সৰু-ডাঙৰ গাড়ী চলাচলত ভীষণ অসুবিধাৰ সৃষ্টি হৈ অহাৰ লগতে পথোচোৱাত সংঘটিত দুৰ্ঘটনাৰ সংখ্যাও বাঢ়ি আহিছে।

উল্লেখ্য যে শিৱসাগৰৰ এই পথটোতে সৰ্বাধিক যানবাহন চলাচল কৰে। কিছুদিন পূৰ্বে এই পথটোৰ কেইবা ঠাইত দিখৌ নৈৰ বাঢ়নী পানী বাগৰাৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছিল।

গড়কপ্তানি বিভাগে শিৱসাগৰ-শিমলুগুৰি সংযোগী এই পথটো এমাহৰ ভিতৰত পুনঃনিৰ্মাণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে ষ্টেচন চাৰিআলিত  উক্ত  পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে।

Related News