NORTHEAST NOW (Assamese)
অসম

পুনৰ ভূমি পট্টাৰ দাবীত সৰব হ’ব কৃষক মুক্তি : প্ৰয়োজনত আত্মজাহ দিয়াৰো হুংকাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 24, 2019 9:36 pm
95c1734b-3d2a-45a9-a226-c2afc56c5504

২০১৪ চনৰ আজিৰ দিনটোতে ভুমি পট্টাৰ দাবীত নিজৰ গাত জুই লগাই আত্মজাহ দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য প্ৰণৱ বড়োৰ আজি পঞ্চম মৃত্যু বাৰ্ষিকী। সেই উপলক্ষ্যে আজি মহানগৰীৰ চচলত চহিদক সুঁৱৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ‘সোঁৱৰণি সভা’ অনুষ্ঠিত কৰে।

উক্ত সভাত উপস্থিত থকা প্ৰণৱ বড়োৰ পত্নী পুৰ্ণিমা বড়োৱে তেওঁৰ স্বামী ভূমি পট্টাহীন লোকসকলৰ স্বাৰ্থৰ বাবে আত্মজাহ দিছিল বুলি উল্লেখ কৰাৰ লগতে গুৱাহাটীৰ থলুৱা লোকসকলক অতি শীঘ্ৰে ভূমি পট্টা প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনায়।

তাৎপর্য্যপূৰ্ণভাৱে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাজনো সদস্যই ভূমিৰ পট্টাৰ দাবীত প্ৰণৱ বড়োৰ দৰে আত্মজাহ দিবলৈ সাজু থকা বুলি স্পষ্টকৈ নৰ্থ ইষ্ট নাওৰ আগত উল্লেখ কৰে।

‘কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব। অকল প্ৰণৱ বড়োৱে নহয়, প্ৰণৱ বড়োৰ দৰে ১০-১২ জন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য আত্মজাহ দিয়াৰ বাবে সাজু আছো,‘ এই হুংকাৰ পূৰ্ণিমা বড়োৰ।

তেওঁ লগতে চৰকাৰৰ পৰা কি সাহায্য ল’ম? বুলি মুখ্য মন্ত্ৰী সোণোৱালক প্ৰশ্ন কৰি কয়, ‘মোৰ স্বামীয়ে ৰাইজৰ স্বাৰ্থত মৃত্যুক সাবটি লৈছিল। ১ কঠা ৫ লোচা মাটিৰ ভূমি পট্টাৰ বাবে আত্মজাহ দিবলগীয়া হৈছিল।‘

উল্লেখযোগ্য যে, গুৱাহাটীৰ থলুৱা লোকসকলে ভূমিৰ পট্টা বিচাৰি তীব্ৰ আন্দোলন চলাই আহিছে যদিও বৰ্তমানলৈকে কোনো এখন চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই।

প্ৰণৱ বড়োৱে আত্মজাহ দিয়াৰ পাছতো চৰকাৰে গুৱাহাটীত বাস কৰা থলুৱা লোকসকলক ভূমি পট্টা প্ৰদান নকৰাটোৱে চহিদক অপমান কৰাৰ দৰে হৈছে বুলি প্ৰণৱ বড়োৰ পত্নীয়ে কয়।

আনহাতে, ২০১১ চনৰ দিচপুৰৰ ভূমিস্বত্ব আন্দোলনৰ দিনটো বা ২৮ জুন, ২০১১ ৰ ডাঃ ভূমিধৰ বৰ্মন সমিতি গঠনৰ দিনটোক ভিত্তি দিন হিচাপে লৈ তাৰ পূৰ্বৰে পৰা গুৱাহাটীৰ পাহাৰ, বনাঞ্চল, জলাশয়ৰ পাৰ, গ্ৰান্ট, চৰকাৰী ভূমিত ঘৰ সাজি বসবাস কৰি থকা সকলো পৰিয়ালকে দখলী ভূমিৰ অধিকাৰ প্ৰদান কৰিবৰ বাবে তথা এটা পৰিয়ালক ডেৰ কঠাৰ পৰা ৩ কঠা পৰ্য্যন্তহে ভূমি পট্টা দিয়াৰ দাবীত সংগঠনটোৱে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।