NORTHEAST NOW (Assamese)

কিছুমান খাদ্যই বৃদ্ধি কৰিছে কিডনীৰ জটিলতা; জানি লওক কি খাদ্য খাব আৰু কি নাখাব!

September 8, 2024 7:48 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

বহুতেই বৃক্ক (কিডনী)সম্পৰ্কীয় ৰোগত আক্ৰান্ত হয়। কম বয়সতে বহু লোকৰ এই ৰোগ হয়। যেতিয়া এই সমস্যা অতি জটিল স্তৰলৈ যায় তেতিয়া বৃক্ক ৰোগীয়ে ডায়েলাইছিছ কৰিব লগা হয়।

এই ৰোগৰ ফলত ব্যক্তিৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। অৱশ্যে আমাৰ ভুলৰ বাবেই এই কঠিন ৰোগৰ সৃষ্টি হয় জানেনে? আজি আগবঢ়োৱা হৈছে এক বিশেষ তথ্য। বৃক্কৰ সমস্যাত ভুগি থকা লোকসকলে এই খাদ্যসমূহ খাব লাগে। ই লাভজনক হ’ব।

বৃক্কৰ ৰোগৰ প্ৰধান কাৰণ হ’ল অস্বাস্থ্যকৰ খাদ্যাভ্যাস। আজি কেইটামান খাদ্যৰ কথা কও। আমি প্ৰায়ে এনে খাদ্য খাই থাকো। এই সকলোবোৰ খাদ্যই বৃক্কৰ সমস্যাৰ সৃষ্টি কৰে।

বৃক্কৰ সমস্যাত ভুগি থকা লোকে ঘিউ, গাখীৰৰ দৰে বস্তু বেছি খাব নালাগে। কেলচিয়াম আৰু পটাছিয়ামেৰে ভৰপূৰ ই বৃক্কৰ স্বাস্থ্যত প্ৰভাৱ পেলাব।

খাদ্যত বিলাহী, মূলা, ফ্ৰেঞ্চ বিন, মুগ দাইল আৰু মচুৰ দাইল যোগ কৰক। এই খাদ্যসমূহে বৃক্কক সুস্থ কৰি ৰাখে।

ষ্ট্ৰবেৰী, ডালিম, আপেল আৰু আনাৰস খাব পাৰে। এই সকলোবোৰ ফলৰ দ্বাৰা বৃক্ক সুস্থ হৈ থাকিব।

যদি আপুনি কিডনীৰ সমস্যাত ভুগিছে ​​তেন্তে কুকুৰাৰ মাংস খাব পাৰে। ৰেট মিট এৰক। ৰেড মিট খালে বৃক্কৰ সমস্যা হব পাৰে।

একেদৰে পৰিশোধিত তেল, দেশী ঘিউ আৰু মাখন আদি পৰিহাৰ কৰিব লাগে। ই বৃক্কৰ জটিলতা বৃদ্ধি কৰে।

সেইদৰে বৃক্কৰ সমস্যাত ভুগি থকাসকলে কল খাব নালাগে। ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। যাৰ ফলত কিডনীৰ সমস্যা বৃদ্ধি হ’ব।

একেদৰে কিডনীৰ সমস্যা হ’লে ভেণ্ডি, কোমোৰা আৰু লাউৰ দৰে শাক-পাচলি কমকৈ খাব লাগে। অন্যথা সমস্যা বাঢ়িব।

Related News