NORTHEAST NOW (Assamese)
Popular Stories

মগজুৰ বাবে ক্ষতিকাৰক এই ৬ টা খাদ্যৰ বিষয়ে জানি থওক আজিয়েই…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 6, 2025 7:30 am

আমি সকলোৱে আমাৰ স্মৃতিশক্তি আৰু মনোযোগৰ ক্ষমতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু আপুনি জানেনে যে আমি প্ৰতিদিনে খোৱা কিছুমান খাদ্যই আমাৰ মগজুৰ শক্তিক নীৰৱে দুৰ্বল কৰি পেলায়? কিছুমান খাদ্য আমাৰ মগজুৰ স্বাস্থ্যৰ বাবে অত্যন্ত বেয়া। আপুনি আপোনাৰ প্লেটত কি ৰাখে সেইবোৰৰ প্ৰতি মনোযোগ দিয়াৰ সময় আহি পৰিছে, কাৰণ ইয়াৰ প্ৰভাৱ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগবোৰত গভীৰভাৱে পৰে। জানো আহক কোনবোৰ খাদ্যই মগজুৰ ক্ষতি কৰে?

১/ চেনিযুক্ত পানীয়

শীতল পানীয়ৰ পৰা এনাৰ্জি ড্ৰিংকলৈকে চেনিযুক্ত পানীয় এটা ডাঙৰ চিন্তাৰ বিষয়। এই পানীয়বোৰৰ ফলত তেজৰ চেনিৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পায়, যাৰ ফলত প্ৰদাহ আৰু ইনচুলিন প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। যি দুয়োটা মগজুৰ ক্ষমতা হ্ৰাস আৰু এলঝেইমাৰ ৰোগৰ সম্ভাৱনা বৃদ্ধিৰ সৈতে জড়িত। এইবোৰে আপোনাক পুষ্টিকৰ খাদ্যৰ পৰা আঁতৰাই ৰাখে। যিয়ে মগজুক প্ৰয়োজনীয় ইন্ধনৰ পৰা বঞ্চিত কৰে।

২) প্ৰছেছদ ফুড

অস্বাস্থ্যকৰ চৰ্বি, অতিৰিক্ত ছডিয়াম, কৃত্ৰিম যোগকৰণ, আৰু সংৰক্ষক পদাৰ্থৰে ভৰপূৰ এনে খাদ্যই মগজুৰ বাবে অতি কম পুষ্টি প্ৰদান কৰে। বহুতো প্ৰচেছড খাদ্য আৰু ভজা খাদ্যত পোৱা ট্ৰেন্স ফেটে মগজুৰ কাৰ্য্যক্ষমতা বিকৃত কৰে আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে। কৃত্ৰিম উপাদানেও মগজুৰ ৰসায়ন বিজ্ঞানৰ সুক্ষ্ম ভাৰসাম্য বিঘ্নিত কৰে।

৩/ পৰিশোধিত কাৰ্বহাইড্ৰেট

বগা ৰুটি, পাস্তা, পেষ্ট্ৰিৰ কথা ভাবি চাওক। এই পৰিশোধিত কাৰ্বহাইড্ৰেটবোৰ সোনকালে ভাঙি গ্লুকজলৈ পৰিণত হয়, যাৰ ফলত চেনিযুক্ত পানীয়ৰ দৰেই তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি পায়। যদিও এইবোৰে আপোনাক সাময়িকভাৱে শক্তি বৃদ্ধি কৰে, পিছলৈ শক্তিৰ বিকলতাই আপোনাক ক্লান্ত কৰি পেলাব পাৰে। ৰিফাইন কাৰ্বহাইড্ৰেটেৰে সমৃদ্ধ খাদ্যই ক্ৰমান্বয়ে ইনচুলিন প্ৰতিৰোধ ক্ষমতা আৰু প্ৰদাহ বৃদ্ধি কৰে, যাৰ ফলত মগজুৰ কাৰ্য্যত নেতিবাচক প্ৰভাৱ পৰে।

৪/ ভজা খাদ্য

খৰখৰীয়া আৰু ডিপ ফ্ৰাইড খাদ্য হয়তো প্ৰলোভনজনক হব পাৰে, কিন্তু ইয়াত অস্বাস্থ্যকৰ চেচুৰেটেড আৰু ট্ৰেন্স ফেট থাকে। এই চৰ্বিয়ে প্ৰদাহ আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ সৃষ্টি কৰিব পাৰে, যি দুয়োটা মগজুৰ কোষৰ বাবে ক্ষতিকাৰক। ভজা খাদ্য খালে মগজুৰ কাৰ্য্যক্ষমতা দুৰ্বল হৈ পৰে আৰু স্নায়ুৰ অৱক্ষয়ী ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

৫) কৃত্ৰিম মিঠা দ্ৰব্য

চেনিৰ সলনি স্বাস্থ্যকৰ বিকল্প হিচাপে বজাৰত বিক্ৰী কৰা হয়। কিন্তু কৃত্ৰিম মিঠাই মগজুৰ স্বাস্থ্যৰ বাবে ইমান উপকাৰী নহবও পাৰে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে কৃত্ৰিম মিঠাই আন্ত্ৰিক মাইক্ৰবায়মত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত মগজুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। এনে খাদ্যৰ লগত ষ্ট্ৰোক আৰু ডিমেনচিয়াৰ সম্ভাৱনাও বৃদ্ধি পোৱা বুলি ভবা হয় যদিও অধিক গৱেষণাৰ প্ৰয়োজন।

৬) অতি প্ৰচেছড মাংস

হট ডগ আৰু চচ্চেজৰ দৰে খাদ্যত ছডিয়াম, নাইট্ৰেট, চেচুৰেটেড ফেটৰ পৰিমাণ অধিক থাকে। এই পদাৰ্থবোৰে প্ৰদাহ আৰু উচ্চ ৰক্তচাপৰ সৃষ্টি কৰিব পাৰে, যি দুয়োটা মগজুৰ অৱক্ষয় আৰু ষ্ট্ৰোকৰ বাবে বিপদজনক কাৰক। ক্ষীণ, অপ্ৰক্ৰিয়াকৃত প্ৰটিনৰ উৎস বাছি লোৱাটো আপোনাৰ মগজুৰ বাবে যথেষ্ট উপকাৰী হব পাৰে।