NORTHEAST NOW (Assamese)

নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ লগে লগে কাৰ্যকৰী আদৰ্শ আচৰণবিধি; কি এই নিয়ম? জানি লওক সবিশেষ

March 16, 2026 1:22 pm · এন ই নাও নিউজ, গুৱাহাটী

দেওবাৰে নিৰ্বাচন আয়োগে চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। এই ঘোষণাৰ লগে লগে নিজ নিজ ৰাজ্যত তৎক্ষণাত আদৰ্শ আচৰণ বিধি (Model Code of Conduct)  কাৰ্যকৰী হ’ল।

অহা ৯ এপ্ৰিলত অসম, তামিলনাডু, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত নিৰ্বাচনত অনুষ্ঠিত হ’ব। আনহাতে, ২৩ আৰু ২৯ এপ্ৰিলত পশ্চিম বংগত নিৰ্বাচন। ৪ মে’ত আটাইকেইখন ৰাজ্যৰ ভোটগণনা হ’ব।

দৰ্শ আচৰণ বিধি কি?

আদৰ্শ আচৰণ বিধি হৈছে নিৰ্বাচন আয়োগে জাৰি কৰা নিয়মৰ এলানি নিয়মাৱলী, যিয়ে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীক পথ নিৰ্দেশনা দিয়ে। ইয়াৰ মূল উদ্দেশ্য হৈছে মুক্ত, নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন নিশ্চিত কৰা। নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগে এই আদৰ্শ আচৰণ বিধি কাৰ্যকৰী হয় আৰু নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে বলবৎ হৈ থাকে।

দৰ্শ আচৰণ বিধি কাৰ্যকৰী হলে কি হয়?

* ধৰ্ম, জাতি বা সাম্প্ৰদায়িক আৱেগৰ ওপৰত ভিত্তি কৰি কোনো আবেদন বা প্ৰচাৰ কৰিব নোৱাৰিব।

* সমালোচনা নীতি, কামৰ ফলাফল আৰু কাৰ্যসূচীৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব; ব্যক্তিগত জীৱনৰ ওপৰত নহয়।

* চৰকাৰী সংবাদ মাধ্যমৰ সহায়ত শাসকীয় দলৰ সপক্ষে পক্ষপাতিত্বমূলক অপপ্ৰচাৰ চলাব নোৱাৰিব।

* ভোটকেন্দ্ৰৰ সমীপৰ অঞ্চলত উৎকোচ, ভয়-ভাবুকি, ছদ্মবেশ বা প্ৰচাৰ আদি অবৈধ কাম-কাজ কঠোৰভাৱে নিষিদ্ধ।

* ব্যক্তিগত বাসগৃহৰ সন্মুখত বিক্ষোভ বা প্ৰচাৰৰ বাবে আনৰ সম্পত্তি ব্যৱহাৰ কৰা নিষিদ্ধ।

* ৰাজনৈতিক দলসমূহে নিজৰ সভা আৰু শোভাযাত্ৰাৰ বিষয়ে আগতীয়াকৈ কৰ্তৃপক্ষক অৱগত কৰিব লাগিব, আৰু লাউডস্পীকাৰ বা সমাৱেশৰ বাবে প্ৰয়োজনীয় অনুমতি ল’ব লাগিব।

* শান্তি-শৃংখলা বজাই ৰখা আৰু যান-বাহন নিয়ন্ত্ৰণৰ স্বাৰ্থত আৰক্ষীৰ নিৰ্দেশনা মানি চলিব লাগিব।

* শোভাযাত্ৰাসমূহে পূৰ্বনিৰ্ধাৰিত পথ, সময় আৰু আৰম্ভণি আৰু শেষৰ স্থান কঠোৰভাৱে অনুসৰণ কৰিব লাগিব।

* ক্ষতিকাৰক বা বিপজ্জনক বস্তু কঢ়িয়াই নিয়া বা প্ৰতিমূৰ্তি জ্বলোৱা নিষিদ্ধ।

* আন কোনো শোভাযাত্ৰাৰ লগত সংঘৰ্ষ বা সংঘাত এৰাই চলিব লাগিব।

* ভোটদানৰ সময়ত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে নিৰ্বাচনী বিষয়াৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিব লাগিব।

* ভোটকেন্দ্ৰৰ আশে-পাশে কোনো ধৰণৰ প্ৰচাৰ, মদ্যপান বা অত্যধিক ভিৰ কৰিব নোৱাৰিব, ভোট কেন্দ্ৰৰ কাষৰ শিবিৰসমূহ সাধাৰণ হ’ব লাগিব আৰু তাত কোনো ৰাজনৈতিক প্ৰতীক ব্যৱহাৰ কৰিব নোৱাৰিব।

* চৰকাৰে কোনো চৰকাৰী আন্তঃগাঁথনি, পুঁজি বা চৰকাৰী পদমৰ্যাদা নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ নকৰিব।

* ভোটাৰক প্ৰভাৱিত কৰিব পৰা কোনো ধৰণৰ আৰ্থিক অনুদান, নতুন প্ৰকল্প, আন্তঃগাঁথনি উন্নয়নৰ প্ৰতিশ্ৰুতি বা তদৰ্থ নিযুক্তি ঘোষণা কৰিব নোৱাৰিব।

* পৰিবহণৰ সুবিধা, জিৰণি ঘৰ, ডাকবাংলা আৰু ৰাজহুৱা স্থানকে ধৰি সকলো চৰকাৰী সা-সুবিধা সকলো ৰাজনৈতিক দলৰ বাবে সমানে মুকলি কৰি ৰাখিব লাগিব। নিৰ্বাচনৰ ইস্তাহাৰে সাংবিধানিক নীতি মানি চলিব লাগিব, বাস্তৱসন্মত হ’ব লাগিব আৰু নিৰ্বাচনৰ পূৰ্বে নিৰ্ধাৰিত নিষিদ্ধ সময়ত সেয়া প্ৰকাশ কৰিব নোৱাৰিব।

Related News