NORTHEAST NOW (Assamese)

পৰম্পৰা! এশ এবিধ শাক কি কি জানেনে? জানি লওক গৰু বিহুত খোৱা ১০১ বিধ শাকৰ নাম

April 13, 2024 10:25 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 13, 2024 10:30 am

অসমীয়াই গৰু বিহুৰ দিনা এশ এবিধ শাক খোৱাৰ পৰম্পৰা অতীজৰে পৰাই পালন কৰি অহা হৈছে। গৰু বিহুৰ দিনা সন্ধিয়া এশ এবিধ শাকৰ আঞ্জা খোৱাটো অসমীয়া সমাজৰ এক পুৰণিকলীয়া পৰম্পৰা।

কিন্তু আজিৰ প্ৰজন্মৰ বেছিভাগই নাজানে এই এশ এবিধ শাক পৰম্পৰাৰ কথা। আনকি নাজানে শাক সমূহৰ নাম। অৱশ্যে ইয়াৰে যথেষ্ট সংখ্যক শাক আজিকালি পাবলৈয়ে নোহোৱা হ’ল।

সেয়ে আজিকালি গৰু বিহুৰ দিনা গধূলি সম্পূৰ্ণ এশ এবিধ শাকৰ পৰিৱৰ্তে মাত্ৰ কেইবিধমান শাকেৰেই এই আঞ্জা প্ৰস্তুত কৰি পৰম্পৰাটো ৰক্ষা কৰা হয়।

এই শাকসমূহ হৈছে এক প্ৰকাৰৰ বন দৱ। বহুতো ঔষধি গুণেৰে পৰিপুষ্ট এই শাকসমূহ বিহুৰ পৰম্পৰা বুলিয়েই নহয়, মাজে সময়ে মানুহে নিজৰ স্বাস্থ্যৰ উপকাৰিতাৰ বাবেও খাই থকা উচিত।

গৰু বিহুত খোৱা এশ এবিধ শাকৰ নাম-

সৰু মানিমুনি, বৰ মানিমুনি, মচন্দৰী, নৰসিংহ , তিতা ভেঁকুৰী , পনৌনৌৱা, ভেদাইলতা, ঢেঁকীয়া, তিতামৰা, টেঙেচি, চজিনা, কালমেঘ, জিলমিল, কচুঠুৰি, কলমৌ শাক, কেহৰাজ, খুতুৰা শাক, কাটা খুতুৰা, গাজৰ, লাইজাবৰি, শুকলতি, দহিকচু, ওলকচু, টিকনিবৰুৱা, ধনিয়া পাত, চুকাশাক, দোৰোণবন, নেফাফু, পদিনা, পুৰৈশাক, পালেংশাক, পাতেগজা, পানীটেঙেচ, ব্ৰাহ্মীশাক, বাহক তিতা, ভাঙৰ পাত, মহাভৃংগৰাজ, মটৰ মাহ, মহানিম, মেথিশাক, মূলা, মালভোগ শাক, মৰিচা শাক, মানকচু, সৰিয়হ শাক, কাচকল, বনজালুক, টেঙামৰা, তিতাফুল, চেংমৰা, মধুসোলেং, তিতা কেৰেলা, কপৌঢেঁকীয়া, বেতগাজ, তেজপাত, তিয়ঁহ, চিৰতা, কেঁচা জলকীয়া, কালজিৰা, উৰহী, পচলা, কঁঠাল, অমিতা, ৰঙালাউ, মৰলীয়া, বাবৰিশাক, হেলচি শাক, শুহনিবন, তিতাফুল, মোৱা, বকফুল, ভাতকেৰেলা, আদা, হালধি, ভূতমলা, ফুটকলা, জেতুলীপকা, কলডিল, বিলাহী, চয়াবিন, নহৰু, পিয়াঁজ, জালুক, ৰঙাআলু, আলু, পানীলাউ, ৰঙা মৰিচা, ভোট জলকীয়া, কাজিনেমু, শেৱালি ফুল, বেঙেনা, জিকা, ভোল, ফেচবিন, ভেন্দি, মানধনিয়া, লেচেৰামাহ, হাতীভেঁকুৰি, ভুঁই আমলখি, ধঁপাত তিতা। 

Related News