NORTHEAST NOW (Assamese)

ডায়েৰিয়া হ’লে কি কৰিব? জানি লওক ল’বলগীয়া সতৰ্কতাসমূহ

October 24, 2025 7:09 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 24, 2025 7:11 am

ডায়েৰিয়া হ’লে আপুনি কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ’ল শৰীৰত পানীৰ ভাৰসাম্য (Dehydration) ৰক্ষা কৰা। ডায়েৰিয়াৰ ফলত শৰীৰৰ পৰা যথেষ্ট পৰিমাণে পানী আৰু লৱণ (electrolytes) ওলাই যায়।

ইয়াৰ বাবে বজাৰত উপলব্ধ অ’আৰএছ পাউডাৰ বিশুদ্ধ পানীত মিহলাই খাব লাগে। ই শৰীৰৰ পৰা ওলাই যোৱা পানী আৰু লৱণৰ অভাৱ পূৰণ কৰাত সহায় কৰে।

যদি অ’আৰএছ উপলব্ধ নহয়, তেনেহ’লে ১ লিটাৰ বিশুদ্ধ পানীত ১ চামুচ নিমখ আৰু ৮ চামুচ চেনি মিহলাই লৈও অলপ অলপকৈ খাব পাৰে।

ভাতৰ মাৰ, পাতল দাইলৰ পানী, নেমুৰ চৰ্বত, ডাবৰ পানী আদিও অলপ অলপকৈ খাব

যদি শৌচৰ লগত তেজ যায়। যদি ডিহাইড্ৰেচনৰ গুৰুতৰ লক্ষণ যেনে- বেছিকৈ পিয়াহ লগা, মুখ-জিভা শুকাই যোৱা, চকু গাঁতলৈ সোমাই যোৱা, প্ৰস্ৰাৱ কমি যোৱা বা একোৱেই খাব নোৱাৰা অৱস্থা হয়। বিশেষকৈ শিশু বা বৃদ্ধৰ ক্ষেত্ৰত সমস্যা হ’লে লগে লগে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত।

Related News