NORTHEAST NOW (Assamese)
অসম

শিশুৰ বাবে প্লাষ্টিকৰ টিফিন বক্স স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক? জানিলে কেতিয়াও নকৰে এনে ভুল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 10, 2024 7:48 am

প্ৰতিজন পিতৃ-মাতৃয়ে নিজৰ সন্তানক অতি মৰম আৰু যত্নৰে লালন-পালন কৰে। কিন্তু কেতিয়াবা তেওঁলোকে অজানিতে কিছুমান ভুল কৰে যিয়ে তেওঁলোকৰ সন্তানৰ ক্ষতি কৰে।

বহু অভিভাৱকে নিজৰ সন্তানক প্লাষ্টিকৰ টিফিন বক্সত মধ্যাহ্ন আহাৰ আৰু জলপান দি স্কুললৈ পঠিয়াই দিয়ে। ইয়াৰ উপৰিও শিশুৰ খোৱাপানীৰ বটলবোৰো প্লাষ্টিকৰে তৈয়াৰী। কিন্তু আপুনি জানেনে প্লাষ্টিকৰ টিফিন বক্সৰ ব্যৱহাৰ শিশুৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক?

আজিকালি বজাৰত বিভিন্ন ধৰণৰ প্লাষ্টিকৰ বক্স পোৱা যায়। ভাল দেখাৰ উপৰিও দামতো সস্তা। সেয়ে, পিতৃ-মাতৃয়ে সেইবোৰ কিনি আনি গৰম খাদ্য ভৰাই ল’ৰা-ছোৱালীক দিয়ে।

কিন্তু প্লাষ্টিকৰ বক্সত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে। শিশুৰ স্বাস্থ্যৰ বাবে সেয়া অতি ক্ষতিকাৰক। ফলত শিশুৱে দীৰ্ঘদিন ধৰি শাৰীৰিক সমস্যাত ভুগিবলগীয়া হয়। প্লাষ্টিকৰ টিফিন বক্সত খাদ্য খোৱাটোৱে শিশুৰ স্বাস্থ্যৰ কিদৰে ক্ষতি কৰে জানো আহক।

প্লাষ্টিকৰ কণা

কেতিয়াবা প্লাষ্টিক ভাঙি সৰু সৰু কণালৈ পৰিণত হয়। ইয়াক মাইক্ৰ’প্লাষ্টিক বোলা হয়। এই ধৰণৰ টিফিন বক্সত শিশুক খাদ্য দিলে ই শিশুৰ শৰীৰত প্ৰৱেশ কৰে। ফলত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে আৰু শিশুৰ সংক্ৰামক ৰোগ হ’বলৈ আৰম্ভ কৰে।

বেক্টেৰিয়া

প্লাষ্টিকৰ টিফিন বক্সত বেক্টেৰিয়া সহজে বৃদ্ধি পায়। শিশুৱে ইয়াত থকা খাদ্য খালে অসুস্থ হোৱাৰ সম্ভাৱনা বেছি। বিশেষকৈ কিছুমান অভিভাৱকে টিফিন বক্স বহুদিন ব্যৱহাৰ কৰে আৰু ভালদৰে পৰিষ্কাৰ নকৰিলে ই বেক্টেৰিয়া জমা হয়। ফলত শিশুসকল গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়।

প্লাষ্টিকৰ তৰপবোৰ উঠি যোৱা

প্লাষ্টিকৰ টিফিন বক্সটো ঘঁহিলে ইয়াৰ ওপৰৰ তৰপটো উঠি আহিবলৈ আৰম্ভ কৰে। যাৰ ফলত ইহঁত খাদ্যৰ লগত মিহলি হৈ পৰে। ফলত শিশু অসুস্থ হৈ পৰে। সেয়ে, সেইবোৰ প্ৰতিৰোধ কৰিবলৈ প্লাষ্টিকৰ টিফিন বক্সৰ পৰিৱৰ্তে শিশুৰ বাবে ষ্টীলৰ টিফিন বক্স ব্যৱহাৰ কৰক।

বি:দ্ৰ: যদি আপুনি দীৰ্ঘদিন ধৰি শিশুক প্লাষ্টিকৰ বক্সত খাদ্য খুৱাই আহিছে তেন্তে বন্ধ কৰক। যদি প্লাষ্টিকৰ টিফিন বক্স দিব লাগে তেন্তে এমাহতকৈ বেছি ব্যৱহাৰ নকৰিব। ভালদৰে পৰিষ্কাৰ কৰি ব্যৱহাৰ কৰক। শিশুক ষ্টীলৰ বটলত পানী দিয়ক।