NORTHEAST NOW (Assamese)
অসম

Accident at Kaliabhomora Bridge কলীয়াভোমোৰা সেঁতুত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ November 22, 2021 12:42 pm
Kaliabhomora accident

Accident at Kaliabhomora Bridge যোৱা নিশা প্ৰায় ১.৩০ মান বজাত কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল এখন ট্ৰাক। বৰ্তমানো সন্ধানহীন হৈ আছে ট্ৰাকসহ চালক আৰু হেণ্ডিমেন।

দুৰ্ঘটনাত পতিত ট্ৰাক খন নগাঁও দিশৰ পৰা তেজপুৰ দিশলৈ আহি আছিল বুলি অনুমান কৰা হৈছে।  

ইপিনে, SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু ট্ৰাকখন ব্ৰহ্মপুত্ৰৰ বুকুত পৰি থকাৰ কথা নিশ্চিত কৰিছে।

আনহাতে, নিশাৰ কলীয়াভোমোৰা সেঁতু কিমান সুৰক্ষিত সেই বিষয়েও প্ৰশ্ন উত্থাপন হৈছে। কিয়নো নিশা কলীয়াভোমোৰা সেঁতুত থকা ষ্ট্ৰীট লাইট বিগত কেইবাবছৰো ধৰি বিকল হৈ আছে।

Also Read: Tragic Road Accident গোলাঘাটত বিবাহযাত্ৰী কঢ়িওৱা গাড়ীৰ শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত দুজন

জানিব পৰা মতে, বিদ্যুতৰ মাছুল পৰিশোধ কৰিব নোৱাৰাৰ বাবেই এইদৰে ষ্ট্ৰীট লাইটসমূহৰ বিদ্যুৎ সংযোগ বিগত কেইবাবছৰো ব্যাহত হৈ আছে বুলি জানিব পৰা গৈছে।

বৰ্তমান NDRF, SDRF দলে উদ্ধাৰ অভিযানত নামি পৰা পৰিলক্ষিত হৈছে। লগতে INDIAN ARMYৰ দলেও উদ্ধাৰত সহযোগিতা আগবঢ়াইছে।

কলীয়াভোমোৰা সেঁতুত নিশাৰ অন্ধকাৰৰ বাবেই বিগত সময়চোৱাত কেইবাটাও সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে।