NORTHEAST NOW (Assamese)
অসম

Sexual Harassment বিশেষভাৱে সক্ষম কিশোৰীক যৌন নিৰ্যাতন; অভিযুক্তক ৰাইজে উত্তম-মধ্যম শোধাই গটালে আৰক্ষীক

Posted by: মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা November 22, 2021 1:18 pm
Tinsukia Sexual harassment

Sexual Harassment মাৰ্ঘেৰিটাত বিশেষভাৱে সক্ষম এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱা অভিযুক্ত দিলীপ দেৱনাথক ৰাইজে ধৰি মেলি উত্তম-মধ্যম শোধাই মাৰ্ঘেৰিটা আৰক্ষীক গটাই দিয়ে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাং বাহঁবাৰীত ১১ বছৰীয়া বিশেষভাৱে সক্ষম  কিশোৰী গৰাকীক যৌন নিৰ্যাতন চলোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

ঘটনাৰে জড়িত দিলীপ দেৱনাথ নামৰ ৫০ বছৰ উৰ্ধৰ ব্যক্তিগৰাকীক ৰাইজে আটক কৰি আৰক্ষীক গটাই দিয়ে।

Also Read: Tragic Road Accident গোলাঘাটত বিবাহযাত্ৰী কঢ়িওৱা গাড়ীৰ শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত দুজন

ঘটনাৰ বিৱৰণী অনুসৰি দেওবাৰে দিনৰ ভাগত উক্ত অভিযুক্ত দিলীপ দেৱনাথৰ ঘৰত থৈ গৈছিল মাকে কিশোৰীগৰাকীক। কিন্তু ঘৰত কোনো নথকাৰ সুবিধা লৈ  দিলীপ দেবনাথে বিশেষভাৱে সক্ষম কিশোৰীগৰাকীক নিৰ্যাতন চলায়।

দেওবাৰে এই ঘটনা দিনৰ ভাগতে সংঘটিত হৈছিল যদিও ভয় ভাবুকিৰ বাবেই মুখ খোলা নাছিল কিশোৰী গৰাকীয়ে। সন্ধিয়াহে এই বিষয়ে প্ৰকাশ কৰে কিশোৰী গৰাকীয়ে।

Also Read: আলফা (স্বাধীন)ত যোগদানৰ বাবে যোৱা ৩ যুৱকক আটক আসাম ৰাইফলছৰ

ইয়াৰ পাছতে স্থানীয় ৰাইজে নিশা অভিযুক্তক উত্তম মধ্যম শোধাই মাৰ্ঘেৰিটা আৰক্ষীক গটাই দিয়ে। ৰাইজে অভিযুক্তৰ কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জনাইছে।