NORTHEAST NOW (Assamese)
অসম

নিযুক্তি কেলেংকাৰি: আৰক্ষীৰ জালত প্ৰাক্তন ডিআইজি কুখ্যাত পি কে দত্তৰ ঘনিষ্ঠ কুমুদ গোস্বামী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 29, 2020 9:37 am
Assam_Police_badge-1024x614-750x375

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেকাৰিৰ মূল অভিযুক্ত কুখ্যাত পি কে দত্তৰ অত্যন্ত ঘনিষ্ঠ তথা কেলেংকাৰিটোৰ অন্যতম নায়ক কুমুদ গোস্বামী আৰক্ষীৰ জালত পৰিছে।

নলবাৰী জিলাত উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত বহুসংখ্যক প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰা কুমুদ গোস্বামীয়ে সোমবাৰে নিজেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে।

সোমবাৰে সন্ধিয়া গোস্বামীয়ে জিলাখনৰ টিহুৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নলবাৰী আৰক্ষীৰ ওচৰত আত্মলমৰ্পন কৰে।

আৰক্ষীয়ে তেওঁক কেলেংকাৰিটোৰ তদন্ত কৰি থকা চিআইডিৰ হাতত গতাই দিয়ে।

দুদিনমান পূৰ্বে আৰক্ষীয়ে আটক কৰা অখ্যাত সংগঠন ভাৰত নিৰ্মাণৰ সভাপতি কুলদীপ ৰাজবংশীয়ে জেৰাৰ সময়ত আৰক্ষীৰ আগত কুমুদ গোস্বামীৰ নাম প্ৰকাশ কৰিছিল।

নলবাৰী জিলাৰ পৰা গোস্বামীয়ে উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত প্ৰাৰ্থীৰ পৰা কেইবা কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ আছে।

কেলেংকাৰিটোত নিজৰ নাম পোহৰলৈ অহাৰ পাছত গোস্বামীয়ে আত্মগোপন কৰি আছিল।

আনহাতে, কুমুদ গোস্বামীৰ ড্ৰাইভাৰ ৰিংকু বৰ্মনৰ একাউন্টত কোটি টকাৰ লেনদেনৰ তথ্য আৰক্ষীৰ তদন্তত ধৰা পৰিছে।

চিআইডিয়ে কুমুদ গোস্বামীক জেৰা কৰাৰ পাছত কেলেংকাৰিটোৰ সম্পৰ্কত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। জিলাখনৰ আন বহু লোকো এই কেলেংকাৰিটোৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে ইতিমধ্যে এই কেলেংকাৰিৰ সৈতে জড়িত ১৩জন লোকক গ্ৰেপ্তাৰ কৰিছে।