NORTHEAST NOW (Assamese)
অসম

ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৬১ লাখ অতিক্ৰম, ৯৬,৩১৮ গৰাকীলৈ বৃদ্ধি মৃত্যুৰ সংখ্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 29, 2020 10:11 am

চীনৰ পৰা সংক্ৰমিত হোৱা মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰ হ্ৰাস নোপোৱাৰ বাবে এতিয়া দেশবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে।
প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধৰ কৱলত পৰিছে।

দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত অৰ্থাৎ সোমবাৰৰ পুৱা ৮ বজাৰ পৰা মঙলবাৰৰ পুৱা ৮ বজালৈকে দেশত ৭০,৫৮৯ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।

দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ৬১,৪৫,২৯২ গৰাকীলৈ বৃদ্ধি পালে।

আনহাতে, এই মহামাৰী ভাইৰাছৰ ফলত যোৱা ২৪ ঘণ্টাত ৭৭৬ গৰাকী লোকৰ মৃত্যু হৈছে।

এই পৰ্যন্ত দেশত মুঠ ৯৬,৩১৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ মুঠ সংখ্যা হৈছে ৫১,০১,৩৯৮ গৰাকী।

ইফালে মুঠ আক্ৰান্তৰ ভিতৰত ৯,৯০,০৬১ গৰাকী ৰোগী বৰ্তমান সক্ৰিয় হৈ আছে। ইয়াৰে কিছু সংখ্যকৰ চিকিৎসা হাস্পতালত চলাৰ বিপৰীতে কিছু সংখ্যক ৰোগী সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে হোম আইছ’লেশ্যনত আছে।