NORTHEAST NOW (Assamese)
অসম

কোচ ৰাজবংশী জাতীয় পৰিষদৰ বিজনী আৰু উত্তৰ শালমাৰা জিলা সমিতি গঠন

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও November 1, 2021 6:45 pm

চিৰাং জিলাৰ বিজনী চহৰৰ ভেটাগাঁওস্থিত ঐতিহাসিক বুঢ়ী ঠাকুৰাণী থানত বিশিষ্ট শিক্ষাবিদ মানিক দত্ত আৰু অভয়াপুৰী চহৰৰ বিশ্ব মহাবীৰ চিলাৰায় ভৱনত জনপ্ৰিয় কোচ ৰাজবংশী গায়ক ভগীৰথ ৰায়ৰ সভাপতিত্বত ক্ৰমে বিজনী জিলা কোচ ৰাজবংশী জাতীয় পৰিষদ আৰু উত্তৰ শালমাৰা জিলা কোচ ৰাজবংশী জাতীয় পৰিষদৰ দুখন জিলা সমিতি গঠন কৰা হয়।

পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক নিখিল ৰায়ে এই কথা জনাইছে । কোচ ৰাজবংশী জাতীয় পৰিষদৰ প্ৰচাৰ সম্পাদক নিখিল ৰায়ে প্ৰেছ বিবৃতিটোত কয় যে ৰাজেন বৰ্মন (সুপাৰিগুৰি)ক সভাপতি আৰু সোনাইকোলাৰ শিক্ষক ভৃগু ৰায়ক সাধাৰণ সম্পাদক হিচাবে লৈ ৩১ জনীয়া বিজনী জিলা কোচ ৰাজবংশী জাতীয় পৰিষদ গঠন কৰাৰ উপৰিও ধীৰাজ ৰায় (বইটামাৰী)ক সভাপতি আৰু ৰোহিনী ৰায় (সিদলসতী)ক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া উত্তৰ শালমাৰা জিলা কোচ ৰাজবংশী জাতীয় পৰিষদ গঠন কৰা হয় ।

দুয়োখন সমিতি গঠনৰ সময়ত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথ কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় উপস্থিত থাকে ।

বিশ্বজিৎ ৰায়ে সমিতি দুখনৰ কৰ্মকৰ্তা সকলক দীপাৱলীৰ শুভেচ্ছা জনাই আগন্তুক দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম আৰু জনজাতিকৰণৰ গণতান্ত্ৰিক আন্দোলনৰ সংগ্ৰামত জঁপিয়াই পৰিবলৈ উদাত্ত আহ্বান জনায় বুলি প্ৰচাৰ সম্পাদক নিখল ৰায়ে উল্লেখ কৰে ।

দুয়োখন সাধাৰণ সভাৰ আৰাম্ভণিতে কোচ ৰাজবংশী জাতীয় পৰিষদৰ উপদেষ্টা দীপক বৰ্মনৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মাতৃৰ বিয়োগত আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তোপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি শোক বাৰ্তা প্ৰেৰণ কৰে।

দীপক বৰ্মনৰ মাতৃৰ বিয়োগত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু কাৰ্যকৰী সভাপতি হৰমোহন মেধিয়েও গভীৰ শোক প্ৰকাশ কৰে।