NORTHEAST NOW (Assamese)

জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশীয়ে পুনৰ উত্তাল কৰিব গুৱাহাটী

May 3, 2019 10:59 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী প্ৰসংগত পুনৰ উত্তাল হৈ পৰিব ৰাজ্য। বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ প্ৰসংগটো বিভিন্ন অজুহাত দেখুৱাই অমান্য কৰি অহাৰ প্ৰতিবাদত কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে এই মাহৰ পৰা কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লোৱা বুলি জানিব পৰা গৈছে।

কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ প্ৰথম বৰ্ষপুতি উপলক্ষে বৃহস্পতিবাৰে আয়োজন কৰা দিনজোৰা কাৰ্যসূচীৰ অংশস্বৰূপে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত ৰাজবংশী সমাজৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়।

প্ৰতিনিধি সভাতে দীৰ্ঘ দশকজুৰি উত্থাপন কৰি অহা জনজাতিকৰণৰ প্ৰসংগটো সমাধান কৰাৰ দাবীত অহা ৫জুনত প্ৰতিখন জিলা সমিতিয়ে উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।

ইয়াৰ উপৰি জুন মাহৰ শেষৰ ফালে সংগ্ৰাম সমিতিয়ে জনজাতিকৰণৰ দাবীত গুৱাহাটীত এক বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্তও লোৱা হয় বুলি সংগঠনটোৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে জনায়।

উল্লেখ্য যে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে বৃহস্পতিবাৰে সংগঠনটোৱে দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰে। অভয়াপুৰীস্থিত চিলাৰায় ভৱনত বৃহস্পতিবাৰে পুৱা সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ে পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

Related News