NORTHEAST NOW (Assamese)
অসম

কোহলী, আশ্বিন, ৰোহিত, ধোনীৰ নাম আই চি চিৰ দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বাবে মনোনীত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 24, 2020 5:20 pm
কোহলী, আশ্বিন, ৰোহিত, ধোনীৰ নাম আই চি চিৰ দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বাবে মনোনীত

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু অফস্পীনাৰ ৰবিচন্দ্ৰন আশ্বিনৰ নাম মঙলবাৰে আই চি চিৰ দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বাবে মনোনীত কৰা হয়।

আই চি চিয়ে কোহলী আৰু আশ্বিনকে ধৰি মুঠ সাতগৰাকী ক্ৰিকেটাৰৰ নাম মনোনীত কৰে।

কোহলী আৰু আশ্বিনৰ উপৰিও ইংলেণ্ডৰ টেষ্ট দলৰ অধিনায়ক জ’ ৰুট, নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন, অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ, দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰ্ছ আৰু শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰৰ নাম দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বাবে মনোনীত কৰা হয়।

পুৰুষৰ দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বাবে কোহলী, ৰুট, উইলিয়ামছন, স্মিথ, জেমছ এণ্ডাৰছন, ৰংগনা হেৰাথ আৰু পাকিস্তানৰ য়াছিৰ ছাহৰ নাম মনোনীত কৰা হয়।

কোহলী, লাছিথ মালিংগা, মিচেল ষ্টাৰ্ক, ভিলিয়াৰ্ছ, ৰোহিত শৰ্মা, এম এছ ধোনী, ছাংগাকাৰাৰ নাম দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ বাবে মনোনীত কৰা হৈছে।

আনহাতে, কোহলী, ৰোহিত শৰ্মা, ৰাছিদ খান, ইমৰাণ তাহিৰ, এৰ’ণ ফিন্স আৰু ক্ৰিছ গেইলৰ নাম দশকটোৰ শ্ৰেষ্ঠ টি-২০ ক্ৰিকেটাৰৰ বাবে মনোনীত কৰা হৈছে।