NORTHEAST NOW (Assamese)
অসম

মৰুভূমিৰ মাজত জিলিকি আছে ধাতুৰ সুদৃশ্য স্তম্ভ, এলিয়েনৰ কাম নেকি এয়া!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 24, 2020 5:52 pm
aqaa 618

ভিন্ন গ্ৰহৰ প্ৰাণীকলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰায়ে চাঞ্চল্যৰ সৃষ্টি হৈ অহাৰ সময়তে মৰুভূমিৰ মাজত এটা ধাতুৰ স্তম্ভ থিয় হৈ থকাৰ কথাই এতিয়া নতুন ৰহস্যৰ সৃষ্টি কৰিছে।

জন সমাগমৰ পৰা শত যোজন দূৰৈত থকা মৰভূমিৰ উক্ত স্থানত কোনে এই ধাতুৰ স্তম্ভটো স্থাপন কৰিলে তাকে লৈ বহুতৰে মনত নানান প্ৰশ্নই ভূমুকি মাৰিছে।

আমেৰিকাৰ দক্ষিণ-পূৱ অঞ্চলত অৱস্থিত উটাহ মৰুভূমিৰ মাজত সগৌৰৱেৰে থিয় দি থকা ধাতুৰ স্তম্ভটো প্ৰথমে প্ৰত্যক্ষ কৰে এগৰাকী মাৰ্কিন হেলিকপ্তাৰ পাইলটে।

মৰুভূমিত বাস কৰা বনৰীয়া ভেড়াৰ গণনাৰ কামত ব্যস্ত পাইলট জনে আকাশ মাৰ্গৰ পৰা তলত কিবা উজ্জ্বল বস্তু জিলিকি থকা দেখিবলৈ পাই আচৰিত হৈ পৰে।

কেতিয়াও কোনো লোকে যাবলৈ সাহস নকৰা উক্ত স্থানত কোনে সেই ধাতুৰ স্তম্ভটো স্থাপন কৰিলে সেয়া ভাবি আচৰিত হ’ল মাৰ্কিন পাইলট ব্ৰেট হাটচিংছ।

কৌতূহল দমন কৰিব নোৱাৰি পাইলট  গৰাকীয়ে হেলিকপ্তাৰ খন মৰুভূমিৰ মাজত অৱতৰণ কৰোৱালে আৰু মৰসাহ কৰি সেই স্তম্ভৰ কাষলৈ গ’ল।

পাইলট ব্ৰেটে প্ৰকাশ কৰা মতে মৰুভূমিত থকা ৰেড ৰ’ক অঞ্চলতে এই স্তম্ভটো সজা হৈছে। স্তম্ভটো কোনে কেতিয়া সাজিছিল সেই বিষয়ে তাত কোনো তথ্যৰ উল্লেখ নাই।

উটাহৰ মৰুভূমিৰ মাজত এনেদৰে ধাতুৰ স্তম্ভ উদ্ধাৰ হোৱাৰ পিছতে এতিয়া বিষয়টোকলৈ বিভিন্ন জনে ভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছে।

প্ৰায় ১২ ফুট ওখ এই স্তম্ভটো ভিন্ন গ্ৰহৰ প্ৰাণী এলিয়েনে স্থাপন কৰা বুলিও বহুতে সন্দেহ কৰিছে।

কাৰণ ইয়াৰ পূৰ্বেও আমেৰিকাত পৃথিৱীৰ ধাতুৰ সৈতে মিল নথকা বেলেগ ধৰণৰ ধাতুৰে নিৰ্মিত বিভিন্ন আকাৰৰ সামগ্ৰী উদ্ধাৰ হৈছিল।উটাহ মৰুভূমিত এলিয়েনৰ যানে অৱতৰণ কৰি অহা বুলিও মাজে সময়ে চৰ্চা হৈ আহিছে।