NORTHEAST NOW (Assamese)

অৱশেষত ভিছাৰ সমস্যা সমাধান হ’ল কোহলীৰ; টি২০ বিশ্বকাপৰ বাবে আমেৰিকা পালেগৈ ‘চিকু’

May 31, 2024 5:27 pm ·

অৱশেষত সমাধান হ’ল কোহলীৰ ভিছাৰ সমস্যা। বৃহস্পতিবাৰে বিয়লি বিৰাট কোহলী আমেৰিকালৈ ৰাওনা হয়। কোহলীৰ বাহিৰে বাকী ভাৰতীয় দলটোৱে ইতিমধ্যে আমেৰিকাত উপস্থিত হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱেও প্ৰস্তুতি আৰম্ভ কৰিছে। অৱশ্যে বৰষুণৰ বাবে কালিৰ দিনটোত প্ৰস্তুতিত ব্যাঘাত জন্মিছিল।

উল্লেখ্য যে, কোহলীৰ কিছু ভিছাৰ সমস্যা হৈছিল। কোহলীৰ কিছু প্ৰয়োজনীয় নথি-পত্ৰ নাছিল। অৱশ্যে কালিৰ দিনটোত পত্নী অনুষ্কা আৰু তেওঁৰ দুটা সন্তানক কোহলীৰ কাষত দেখা পোৱা নগ’ল। টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ প্ৰথমখন ৱাৰ্ম আপ মেচ ১ জুন। সেই মেচত বাংলাদেশৰ বিৰুদ্ধে খেলিব নোৱাৰিব কোহলীয়ে। মেগা টুৰ্ণামেণ্টত ভাৰতৰ প্ৰথমখন খেল ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে। অহা ৯ জুনত ভাৰত আৰু পাকিস্তানৰ মাজত এখন হাইভল্টেজ মেচ আছে।

ইতিমধ্যে লণ্ডনৰ পৰা ভাৰতীয় দলত যোগদান কৰিছে হাৰ্দিক পাণ্ডিয়াই। কেকেআৰৰ হৈ খেলা ৰিংকু সিঙো নিউয়ৰ্কত উপস্থিত হৈছে।

Related News