NORTHEAST NOW (Assamese)

কোকৰাঝাৰৰ একেটা পৰিয়ালৰে তিনিজনক হত্যা কৰা ঘাতকক গ্ৰেপ্তাৰ

June 30, 2019 9:19 pm · ৰিনয় বসুমতাৰী
Updated: June 30, 2019 10:14 pm

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত মুখীগাঁৱত যোৱা ২৭ জুনত একেটা পৰিয়ালৰে তিনিজন সদস্যক ঘপিয়াই হত্যা কৰা হত্যাকাৰীক অৱশেষত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা ঘাতকগৰাকী হৈছে ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত খেজুৰবাৰীৰ সৰ্বানন্দ বৰ্মন (২৪)।

উল্লেখযোগ্য যে ২৭ জুনত সংঘটিত হোৱা উক্ত ভয়ানক ঘটনাত একেটা পৰিয়ালৰে তিনিজন সদস্য ক্ৰমে টিপুল ৰায় (পতি,৩৪), মৰমী ৰায় (পত্নী,২৫) আৰু অঞ্জুমণি ৰায় (কন্যা সন্তান,৩)ক ঘপিয়াই হানি খুচি হত্যা কৰা হৈছিল।

ব্যাপক চাঞ্চল্য সৃষ্টিকাৰী উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে তদন্ত চলাই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি ঘটনাস্থলীলৈ লৈ আহে। ঘটনাস্থলীলৈ আহি সৰ্বানন্দ বৰ্মনে কিদৰে উক্ত হত্যাকাণ্ড সংঘটিত কৰিছিল সেয়া দেখুৱাই দিয়ে।

তেওঁ কোৱা মতে সেইদিনা তেওঁ মূল ৰাস্তাৰে নগৈ পথাৰেৰে ঘৰৰ পিছপিনে সিন্ধি খান্দি প্ৰৱেশ কৰি প্ৰথমে আঠুৱা খুলি টিপুল ৰায়ক হত্যা কৰে। আনহাতে কণমানি সন্তানক সাৱটি ধৰি মৰমী ৰায়ে দৌৰি পলাবলৈ চেষ্টা কৰিছিল যদিও সৰ্বানন্দই মৰমী আৰু তেওঁৰ কণমানি সন্তান অঞ্জুমনিক পিছফালৰ পৰা থাপ মাৰি ধৰি ডেগাৰেৰে উপৰ্যপুৰি ঘাপ মাৰি হত্যা কৰে। পিছত হত্যাত ব্যৱহৃত ডেগাৰখন কাষৰ হেল নদীত পেলাই দিয়ে।

ইপিনে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথে প্ৰেমজনিত কাৰণতে হত্যাকাণ্ডটো হোৱা বুলি সদৰী কৰে।

Related News