NORTHEAST NOW (Assamese)

আই পি এলত চুপাৰ অভাৰত পৰাজিত হোৱাৰ গ্লানি মচিলে কলকাতা নাইট ৰাইডাৰ্ছে

October 18, 2020 9:49 pm · এন ই নাও নিউজ
Updated: October 18, 2020 9:50 pm

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত প্ৰথমবাৰৰ বাবে চুপাৰ অভাৰত বিজয়ী হয় কলকাতা নাইট ৰাইডাৰ্ছ।

আজি চানৰাইজ হায়দৰাবাদৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে চানৰাইজ হায়দৰাবাদক চুপাৰ অভাৰত পৰাস্ত কৰিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে আই পি এলত তিনিখন চুপাৰ অভাৰৰ খেলত পৰাস্ত হৈছিল।

আজিৰ খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰি ১৬৩ ৰান সংগ্ৰহ কৰে ইয়াৰ প্ৰত্যুত্তৰত চানৰাইজ হায়দৰাবাদেও নিৰ্দাৰিত ২০ অভাৰত অধিনায়ক ডেভিড ৱাৰ্ণাৰৰ সুন্দৰ বেটিঙেৰে  ১৬৩ ৰান সংগ্ৰহ কৰাত খেলখন চুপাৰ অভাৰলৈ গতি কৰে।

চুপাৰ অভাৰত কলতাতাৰ বেগী বলাৰ লকি ফাৰ্গুছনে দৰ্শনীয় বলিঙেৰে মাত্ৰ ২ ৰানতে হায়দৰাবাদক সীমাবদ্ধ ৰাখে। ফাৰ্গুছনে ৱাৰ্ণাৰ আৰু আব্দুল ছামাদক আউট কৰে।

মাত্ৰ ৩ ৰানৰ বিজয় লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ অহা কলকাতাই কোনো উইকেট নেহেৰুৱাকৈ বিজয় সাব্যস্ত কৰে।

Related News