NORTHEAST NOW (Assamese)
অসম

কলকাতা আৰক্ষীৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হ’ব ইডেন গাৰ্ডেন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2020 9:05 pm

ক’ৰ’নাৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেন খেলপথাৰক কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পশ্চিমবংগ চৰকাৰে।

ইডেন গাৰ্ডেন ক্ৰিকেট ষ্টেডিয়ামত স্থাপন কৰিবলগীয়া কোৱাৰেণ্টাইন কেন্দ্ৰত পশ্চিমবংগৰ ক’ৰ’না আক্ৰান্ত আৰক্ষীৰ লোক সকলক ৰখা হ’ব।

বৰ্তমানলৈ কলকাতা আৰক্ষীৰ মুঠ ৫৫০ গৰাকী আৰক্ষীৰ লোক কোভিড-১৯ প’জিটিভ হৈছে আৰু ইয়াৰ ভিতৰত দুগৰাকীৰ মৃত্যু হয়।

”প্ৰশাসনক সহায় আৰু সমৰ্থন কৰাটো বৰ্তমান সময়ত আমাৰ কৰ্তব্য সেয়েহে আমি ইডেন গাৰ্ডেনক কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অনুমতি দিছো,” বেংগল ক্ৰিকেট এছ’চিয়েশ্যনৰ সভাপতি অভিষেক ডালমিয়াই এইদৰে কয়।

উল্লেখযোগ্য যে, দেশত ক’ৰ’নাৰ সংক্ৰমণৰ বাবে বহুতো ষ্টেডিয়াম অস্থায়ী কোভিড কেন্দ্ৰ অথবা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ উন্নীত কৰা হৈছে।

অসমতো সৰুসঁজাই ক্ৰীড়া প্ৰকল্পক কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছিল। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামখনো কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে।