NORTHEAST NOW (Assamese)

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

May 19, 2022 8:33 pm · এন ই নাও নিউজ, গুৱাহাটী

সুদীৰ্ঘকাল ধৰি চলি অহা ৰাম মন্দিৰ-বাবৰি মছজিদ বিতৰ্কৰ অৱসানৰ পিছত এইবাৰ হিন্দুত্ববাদী মহলে দেশত নতুনকৈ উত্থান ঘটাইছে কৃষ্ণ জনমভূমি মথুৰা বিতৰ্ক।

সম্প্ৰতি দেশত হিন্দুত্ববাদীৰ পৃষ্ঠপোষকতাত মুছলমানসকলৰ উপাসনাথলী মছজিদত হিন্দু উপাস্য দেৱ-দেৱীৰ মন্দিৰৰ অৱশিষ্ট উদ্ধাৰৰ এক পৰম্পৰা গা কৰি উঠিছে। বাৰানসীৰ জ্ঞানৱাপী মছজিদত শিৱলিঙ্গ উদ্ধাৰৰ দাবীয়ে ইতিমধ্যেই দেশৰ বাতাৱৰণ অস্থিৰ কৰি তুলিছে।

তেনে সময়তে এইবাৰ হিন্দুৰ উপাস্য কৃষ্ণ জন্মভূমি বুলি বিশ্বাস কৰা মথুৰাৰ এটা মছজিদক কেন্দ্ৰ কৰি চৰম হিন্দুত্ববাদী মহলে আন এক বিতৰ্ক থিয় কৰাইছে। ভগৱান কৃষ্ণৰ জন্মস্থান এই মছজিদ নিৰ্মাণ কৰা বুলি দাবী কৰি মছজিদ আঁতৰ কৰাবলৈ দাবী তোলা হৈছে।

কৃষ্ণ জন্মভূমি মথুৰাৰ পৰা শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ দাবী জনাই হিন্দুত্ববাদী একাংশ লোকে আদালতত আবেদন দাখিলৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে মথুৰা আদালতে।

ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ এখন অসামৰিক আদালতে এই বিষয়ত দাখিল কৰা এক আবেদন খাৰিজ কৰিছিল। ইয়াৰ পিছতে আবেদনকাৰীসকলে আদালতৰ পূৰ্বৰ ৰায়ক প্ৰত্যাহ্বান জনাই মথুৰা আদালতত পুনৰীক্ষণ আবেদন জনোৱা হৈছিল।

যোগ্যতাৰ ভিত্তিত এই গোচৰৰ শুনানি গ্ৰহণৰ পৰামৰ্শ দি মথুৰা আদালতে অসামৰিক আদালতলৈ ঘূৰাই পঠোৱা হৈছে। অহা ২৬ মে’ৰ পৰা পুনৰ শুনানি আৰম্ভ হ’ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে।

আনহাতে মথুৰাৰ এখন আদালতে আজি কৃষ্ণ জন্মভূমি-শাহি ইদগাহ মছজিদ বিবাদ গোচৰৰ ৰায় ১৯ মে’ৰ বাবে সংৰক্ষিত ৰাখিছিল।

Related News