NORTHEAST NOW (Assamese)

কৃষ্ণ জন্মভূমিৰ বিষয়টো কেতিয়াবাই নিষ্পত্তি হৈছে, নতুন বিতৰ্ক কিয়? আছাদুদ্দিন ৱাইছিৰ প্ৰশ্ন

September 27, 2020 5:41 pm · এন ই নাও নিউজ
Updated: September 27, 2020 5:43 pm

মথুৰাৰ কৃষ্ণ জন্মভূমিৰ বিষয়টো সন্দৰ্ভত নতুনকৈ বিতৰ্কৰ সূচনা হোৱাত স্তম্ভিত হৈছে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱাইছি।

আজি এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৱাইছিয়ে কয় যে কৃষ্ণ জন্মভূমি সন্দৰ্ভত যি বিতৰ্কৰ অৱতাৰণা হৈছিল সেয়া ১৯৬৮ চনতে সমাধান কৰা হৈছিল।

১৯৬৮ চনৰ অক্টোৱৰ মাহত শাহী ঈদগাহ আৰু শ্ৰীকৃষ্ণ জন্মস্থান সেৱা সমিতিৰ মাজত বুজাবুজিৰ চুক্তি হৈছিল।

ইমানৰ পিছতো কিয় বিষয়টো সন্দৰ্ভত পুনৰ বিতৰ্কৰ সূচনা কৰা হৈছে বুলি ৱাইছিয়ে প্ৰশ্ন কৰে।

উল্লেখ্য কেইবা দশক জোৰা ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদৰ পৰিসমাপ্তি ঘটাৰ পিছত এইবাৰ  মূৰ দাঙি উঠিছে শ্ৰীকৃষ্ণৰ জন্মভূমিকলৈ হোৱা বিতৰ্কই।

হিন্দু ধৰ্মী লোকসকলে দাবী কৰি আহিছে যে শ্ৰীকৃষ্ণৰ জন্ম হৈছিল মথুৰাত।

যি স্থানত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল সেই স্থানত এটা মন্দিৰ আছিল যদিও সেই মন্দিৰ ভাঙি তাত এটা শাহী দৰগাহ সজা হৈছে।

হিন্দু লোকসকলে দৰগাহটো সেই স্থানৰ পৰা আঁতৰাই নিবলৈ বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো দৰগাহটো আঁতৰাই নিয়া নাই।

অৱশেষত আজি মথুৰাৰ আদালতত উত্তৰ প্ৰদেশৰ ৰাজন অগ্নিহোত্ৰী নামৰ লোক জনে এটা গোচৰ ৰুজু কৰিছে।

লোকজনে দাখিল কৰা অভিযোগত কোৱা হৈছে যে আদিতে সেয়া শ্ৰীকৃষ্ণৰ জন্মস্থান আছিল যদিও সেই স্থানৰ ১৩.৩৭ একৰ মাটি দখল কৰি শাহী দৰগাহ আৰু মছজিদ নিৰ্মাণ কৰা হৈছে।

সেয়ে সেই স্থানৰ পৰা দৰগাহ আৰু মছজিদ আঁতৰাই নিব লাগে।

একাংশ বুৰঞ্জীবিদৰ মতে আদিতে তাত কেশৱনাথ মন্দিৰ আছিল যদিও মোগল সম্ৰাট ঔৰংগজেৱে সেয়া ধ্বংস কৰি তাত মছজিদ স্থাপন কৰিছিল।

তাত থকা কৃষ্ণ মন্দিৰৰ তদাৰকীৰ দায়িত্ব ১৯৩৫ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে মথুৰাৰ ৰাজ পৰিয়ালক দিছিল যদিও পিছলৈ সেয়া বিশ্ব হিন্দু পৰিষদৰ হাতলৈ যায়।

Related News