NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাই মণ্টেছৰী হাইস্কুলৰ ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা February 12, 2020 3:18 pm
IMG-20200212-WA0008

গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ প্ৰথমখন ব্যক্তিগত ইংৰাজী মাধ্যমৰ (ছেবাৰ অধীনস্থ) বিদ্যালয় কৃষ্ণাই মণ্টেছৰী বিদ্যালয়ে সফলতাৰে ২৫ বছৰ অতিক্ৰম কৰিলে।

১৯৯৫ চনতে কৃষ্ণাইৰ কাষৰীয়া ভেলাখামাৰ গাঁৱৰ প্ৰয়াত ৰবীন্দ্ৰ নাৰায়ণ দেৱ শৰ্মাৰ পুত্ৰ-বোৱাৰী কেশৱ শৰ্মা আৰু হিৰণ্ময়ী শৰ্মাই এক চালুকীয়া অৱস্থাত জ্যাতিনগৰত স্থাপন কৰা বিদ্যালয়খনে বুধবাৰৰ পৰা আঠ দিনীয়া বৰ্ণাঢ্য কাৰ্য ক্ৰমণিকাৰে আৰম্ভ কৰিছে ৰূপালী জয়ন্তীৰ কাৰ্যক্ৰমণিকা।

ইফালে বিদ্যালয়খনে ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি একে সময়তে অনুষ্ঠিত কৰিছে বিদ্যালয়খনৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ।

ৰাতি পুৱা ১০:৩০ বজাত পতাকা উত্তোলনেৰে কৃষ্ণাই মণ্টেশ্বৰী হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰে গোৱালপাৰা জিলাৰ উপ আৰক্ষী অধীক্ষক  ৰূপজ্যোতি কলিতাই ৷

উদ্বোধনী ভাষণত উপ-আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই ছাত্ৰ-ছাত্ৰী সকলক আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ লগতে বিভিন্ন ক্ষেত্ৰত কেনেকৈ একো একো জন ছাত্ৰ-ছাত্ৰী নিজকে সৱল ভাবে প্ৰতিষ্ঠা কৰিব পাৰি তাৰ দিহা পৰামৰ্শ আগবঢ়ায়।

অনুষ্ঠানত কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মণ্টু কুমাৰ দাস, হাব্ৰঘাট মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হক, কৃষ্ণাই প্ৰেছ ক্লাৱৰ সভাপতি চৈয়দ ৰবিউল হক, হাব্ৰঘাট মহাবিদ্যালয়ৰ অধ্যাপক সিকদাৰ হানিউদ্দিন আহমেদকে ধৰি ভালে সংখ্যক বিশিষ্ট লোকে অংগ্ৰহন কৰে।

অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয় খনৰ শিক্ষয়িত্ৰী মামনি শীল মজুমদাৰে।

বৃহস্পতিবাৰে ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি কৃষ্ণাই মণ্টেছৰীৰ ছাত্ৰ-ছাত্ৰী সকলে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব বুলি জানিব পৰা গৈছে।