NORTHEAST NOW (Assamese)
অসম

টুক্ৰেশ্বৰী দেৱালয়ত কৃষ্ণাই প্ৰেছ ক্লাৱৰ ব্যতিক্ৰমী অনুষ্ঠান “শৰতৰ জোনাকত এখন্তেক”

Posted by: নীলমনি শর্মা October 26, 2018 12:11 pm
IMG_20181025_192151

গোৱালপাৰা জিলাৰ কৃষ্ণাই প্ৰেছ ক্লাৱৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে এইবাৰো বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হ’য় “শৰতৰ জোনাকত এখন্তেক” শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান ৷ ঐতিহাসিক শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয় প্ৰাংগণত  বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে বিশিষ্ট কন্ঠশিল্পী ৰহিমা বেগম কলিতাই।

সন্ধিয়া ৬:৩০ বজাত ‘’শৰতৰ জোনাকত এখন্তেক’’ এই ব্যতিক্ৰমী অনুষ্ঠানৰ শুভ উদ্বোধন কৰে সপ্তাহিক ধনশিৰি কাকতৰ সম্পাদক বিপুল শৰ্মাই ৷ কৃষ্ণাই প্ৰেছ ক্লাৱৰ সভাপতি চৈয়দ ৰবিউল হকৰ সঞ্চালনাত অনুষ্ঠিত এই ব্যতিক্ৰমী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বাংগালুৰুৰ বিশিষ্ট কবি চিকিৎসক ডাঃ ৰবি শিশিৰ চেটাৰ্জী,কলকাতা অনাতাঁৰ আৰু দূৰদৰ্শনৰ নিয়মীয়া শিল্পী তথা বিশিষ্ট সৰোদ বাদক সিদ্ধাৰ্থ বোস আৰু বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক তথা কবি গোবিন্দ মালাকাৰ আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জেষ্ঠ সাংবাদিক মনোজ অগস্তি আৰু কবি বিপুল শৰ্মা।

IMG_20181025_211240
শৰতৰ জোনাকত এখন্তেক অনুষ্ঠানৰ এটি মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

অনুষ্ঠানত শৰতৰ মাদকতা, তাৎপৰ্য, সৌন্দৰ্য আদি সম্পৰ্কে মুকলি মনে আলোচনা কৰে বিভিন্ন জনে ৷ কৃত্ৰিমতাক পৰিহাৰ কৰি সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত অনুষ্ঠিত হোৱা শৰতৰ জোনৰ পোহৰত  গীত, কবিতা আৰু আলাপৰ মাজেৰে জীপাল হৈ পৰে ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ৰ বাকৰি ৷

কলকাতাৰ বিশিষ্ট সৰোদবাদক সিদ্ধাৰ্থ বোসৰ সৰোদ বাদনে উপস্থিত লোকসকলক আপ্লুত কৰি তোলে। আনহাতে বাংগালুৰুৰ বিশিষ্ট কবি চিকিৎসক ডাঃ ৰবি শিশিৰ চেটাৰ্জীৰ কবিতাই অনুষ্ঠানত অন্য এক মাত্ৰা প্ৰদান কৰে ৷

অনুষ্ঠানত প্ৰাণভৰি কবিতা পাঠ কৰে দীপক শৰ্মা মেধি, যমুনা ডেকা, জয়ন্ত বল্লভ শৰ্মা,নজৰুল ইছলাম,নৱ ৰাভা, চন্দন চক্ৰৱৰ্তী, অংকনা চক্ৰৱৰ্তী, যুগান্তৰ কাশ্যপ, অনুৰাগ শৰ্মাৰ লগতে আন বহুতে ৷

অনুষ্ঠানত কবিতাৰ লগতে শৰতৰ অনুভৱত একাত্ম হৈপৰে বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰ৷ আনহাতে, “নৈশ মালিতা” নামৰ এখন কবিতা পুথি উন্মোচন কৰে সাংবাদিক মনোজ অগস্তিয়ে ৷

‘’শৰতৰ জোনাকত এখন্তেক’’- এই অনুষ্ঠানত অভয়াপুৰীৰ শিশু শিল্পী জাহ্নৱী ৰায়ক কৃষ্ণাই প্ৰেছ ক্লাৱৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত মিনা শৰ্মাৰ লগতে কেইবাগৰাকী শিল্পীয়ে গীত পৰিবেশন কৰে।