NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

শিহৰণকাৰী হত্যাকাণ্ডই জোঁকাৰিলে উত্তৰ ত্ৰিপুৰা; স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নীক

Posted by: পান্না ঘোষ Updated by: পান্না ঘোষ October 26, 2018 1:04 pm
serial-killer

ত্ৰিপুৰাৰ উত্তৰ ত্ৰিপুৰা জিলাৰ পানীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত পদ্দাবিল গাঁৱত এগৰাকী মহিলাক নিজ স্বামীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে এক তীব্ৰ চাঞ্চল্যময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

এই শিহৰণকাৰী ঘটনাটোত মৃত্যুবৰণ কৰা মহিলাগৰাকী কুলছুমা বেগম(৩২) বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে পদ্দাবিল প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত কুলছুমা আৰু স্বামীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু ইয়াৰ পাছতে স্বামী ৰুবেল মিঞাই চোকা অস্ত্ৰৰে পত্নী কুলছুমাক উপৰ্যপুৰি আক্ৰমণ কৰি উক্ত স্থানতে পেলাই থৈ যায়।

tripura-murder-husband-169x300
অভিযুক্ত ৰুবেল মিঞা

ঘটনা সংঘটিত হোৱাৰ কিছু সময় পাছতে মহিলাগৰাকীক উক্ত স্থানত পৰি থকা দেখি স্থানীয় লোকে ততাতয়াকৈ ধৰ্মনগৰ চিকিৎসালয়লৈ লৈ আনে যদিও ইতিমধ্যে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি চিকিৎসকে জনায়।

ইফালে আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ হত্যাকাণ্ডৰ লগত জড়িত ৰুবেল মিঞাক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে। তদুপৰি এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰা এগৰাকী ছোৱালীৰো ভাষ্য লোৱা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইফালে অভিযুক্ত লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি তেওঁৰ মাতৃয়ে আৰক্ষীক অৱগত কৰে। আনহাতে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৰুবেল মিঞাৰ বিৰুদ্ধে পানীসাগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে।