NORTHEAST NOW (Assamese)
অসম

শোণিতপুৰৰ লখৰাত জঘন্য ঘটনা : পত্নী আৰু সন্তানক ব্লেডেৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা স্বামীৰ

Posted by: মনিমালা বৰা October 26, 2018 1:13 pm
manimala tejpur.Photo

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত লখৰাত সংঘটিত হৈছে এক জঘন্য ঘটনা। স্বামীয়ে ব্লেডেৰে ডিঙি ৰেপি হত্যাৰ অপচেষ্টা চলালে পত্নী আৰু ৪ বছৰীয়া কনমাণি সন্তানক।

জানিব পৰা মতে, লখৰাৰ সোনানগৰৰ ১৫ নং অসম ৰাইফলছত কৰ্মৰত জোৱান জীৱন বাছফৰ নামৰ এজন ব্যক্তিয়ে নিজ কৰ্তব্যস্থলীৰ পৰা ছুটি লৈ আহি যোৱা ২০ অক্টোবৰ শনিবাৰে পত্নী আৰু সন্তানক ফুৰাবলৈ লৈ যায়।

এইদৰে ফুৰাবলৈ লৈ যোৱাৰ পথত ভালুকপুঙৰ সমীপৱৰ্তী বাৰ মাইলত পত্নী আৰু নিজৰেই ৪ বছৰীয়া কন্যা সন্তানক ব্লেডেৰে ডিঙি ৰেপি হত্যাৰ অপচেষ্টা চলাই নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ জংঘলত পেলাই পলায়ন কৰে।

সৌভাগ্যক্ৰমে পত্নীগৰাকীয়ে নিজৰ কন্যা সন্তানক লৈ কোনোমতে প্ৰাণৰক্ষা কৰি ৰাস্তাৰ গাড়ী ৰখাই মূমূৰ্ষ অৱস্থাত আহি চাৰিদুৱাৰ আৰক্ষীৰ কাষ চাপে। পাছত চাৰিদুৱাৰ আৰক্ষীয়ে মহিলাগৰাকী আৰু কনমাণি শিশুটিক উপযুক্ত চিকিৎসা প্ৰদান কৰি পুণৰ স্বামীগৃহত চমজাই দিয়ে।

ইপিনে,উক্ত ঘটনাতো মহিলাগৰাকীৰ স্বামীগৃহই গাপ দিয়াৰ চেষ্টা চলাইছিল যদিও ঘটনা সন্দৰ্ভত তদন্তৰ বাবে আজি আৰক্ষীৰ এটা দল স্বামীগৃহত উপস্থিত হোৱাত গাওঁবাসীয়ে অৱগত হৈ ক্ষোভিত হৈ পৰাৰ লগতে উচিত তদন্তৰ দাবী জনাইছে।

আনহাতে, ইয়াৰ পূৰ্বেও জীৱন বাছফৰ নামৰ এই লোকজনে অন্য এগৰাকী মহিলাক বিয়া পাতি হত্যাৰ চেষ্টা চলাইছিল বুলি গাওঁবাসী ৰাইজে জানিবলৈ দিয়ে।